W7s news,,,,গুৱাহাটী: গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীত দিশত থকা ৪এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডৰ আয় জয় টাৱাৰত নতুন চুপাৰ মেটিঅ'ৰ ৬৫০ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত সঞ্চালক চিৰাগ গুপ্তা, প্ৰীতম নাথ, চেলছ মেনেজাৰ অভিজিত দাসৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। দুটা পৃথক শাখাত নিৰ্মাণ কৰা হিচাপে এনফিল্ড – চুপাৰ মেটিঅ'ৰ ৬৫০ আৰু চুপাৰ মেটিঅ'ৰ ৬৫০ ট্যুৰাৰ - সাতটা পৃথক ৰঙত উপলব্ধ হৈছে। এক্স শ্ব-ৰূমত নতুন চুপাৰ মেটিঅ'ৰ ৬৫০ এনফিল্ড ৩,৪৮,৯০০টকাৰ পৰা আৰম্ভ হৈছে। আয় জয় টাৱাৰৰ ৪এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডত আজিৰে পৰা প্ৰদৰ্শন আৰু বুকিঙৰ ব্যৱস্থা কৰা কৰা হৈছে আৰু ফেব্ৰুৱাৰীৰ পৰা ডেলিভাৰী আৰম্ভ হ'ব। চুপাৰ মেটিঅ'ৰ ৬৫০-এ ৰয়েল এনফিল্ডৰ উৎকৃষ্ট ক্ৰুজাৰ নিৰ্মাণৰ ঐতিহ্য অব্যাহত ৰাখিছে। ২০১৮ চনৰ পৰা ইণ্টাৰচেপ্টাৰ আইএনটি ৬৫০ আৰু কণ্টিনেণ্টেল জিটি ৬৫০ বিশ্বব্যাপী স্বীকৃতি লাভ কৰি আহিছে।ভাৰত, ইউ কে আৰু স্পেইনৰ ট্ৰেক, বেলজিয়ান পেভ, আৰু ঘাইপথ, বাইৱেছ'কে ধৰি নগৰ আৰু চহৰত এক নিযুত কিলোমিটাৰ যাত্ৰা কৰি ইয়াক পৰীক্ষা কৰা হৈছে। আটাইতকৈ নিৰ্ভৰযোগ্য আৰু উপভোগ্য যাত্ৰা নিশ্চিত কৰাৰ বাবে প্ৰক্ৰিয়াটোত এক নিযুত কিলোমিটাৰৰো অধিক সময় অতিক্ৰম কৰিছে।নতুন চুপাৰ মেটিঅ'ৰ ৬৫০ সন্দৰ্ভত ৪এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিৰাগ গুপ্তাই কয় যে "চুপাৰ মেটিঅ'ৰ ৬৫০ হৈছে বিগত বছৰবোৰত মিডলৱেট শাখাত ৰয়েল এনফিল্ডৰ প্ৰচেষ্টাআৰু কৰ্মদক্ষতাৰ ফল আৰু ই সকলো অৰ্থতে এক উৎকৃষ্ট, ৰেট্ৰো ক্ৰুজাৰ। ইয়াৰ ডিজাইন, জিয়মেট্ৰি, ফৰ্ম-ফেক্টৰ আৰু ধুনীয়া ৬৫০ চিচি টুইন ইঞ্জিনে ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে। নতুন চুপাৰ চুপাৰ মেটিঅ'ৰ ৬৫০ এক নিখুঁত মধ্য-খণ্ডৰ মটৰচাইকেল যি প্ৰকৃততে ক্ৰুজাৰৰ প্ৰতি আগ্ৰহী নোহোৱা লোকসকলকো আগ্ৰহী কৰিব পাৰে। চুপাৰ মেটিঅ'ৰে সমগ্ৰ বিশ্বত ক্ৰুজাৰৰ বজাৰ দখল কৰিব আৰু ৰয়েল এনফিল্ড টুইন প্লেটফৰ্মক এক উচ্চস্থানলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে।চুপাৰ মেটিঅ'ৰ ৬৫০ মুকলি সন্দৰ্ভত ভাষণ প্ৰদান কৰি গুপ্তাই কয় যে আমি কেৱল মটৰচাইকেল বিক্ৰী কৰাৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰা নাই বিক্ৰীৰ পিছত সেৱাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে। চুপাৰ মেটিঅ'ৰ ৬৫০ পাঁচটা আকৰ্ষণীয় ৰঙতপথত উপলব্ধ হৈছে। এষ্ট্ৰেল ব্লেক, এষ্ট্ৰল ব্লু, এষ্ট্ৰল গ্ৰীণ, ইণ্টাৰষ্টেলাৰ গ্ৰে আৰু ইণ্টাৰষ্টেলাৰ গ্ৰীণ। চুপাৰ মেটিঅ'ৰ ৬৫০ ট্যুৰাৰ মহাকাশীয় ৰঙা আৰু মহাকাশীয় নীলা ৰঙত উপলব্ধ হৈছে।গুপ্তাই সকলোকে আহি গুৱাহাটীৰ জু ৰোড ডাকঘৰৰ কাষৰ আয় জয় টাৱাৰত থকা অত্যাধুনিক শ্ব'ৰুমৰ অভিজ্ঞতা ল'বলৈ আমন্ত্ৰণ জনায়। তেওঁ লগতে কয় যে ভাস্কৰ নগৰৰ বাই লেন ২ ত ৱৰ্কশ্বপ স্থাপন কৰা হৈছে। পুৱা ৯:৩০ বজাৰ পৰা সন্ধিয়া ৭:৩০বজালৈ আৰু পুৱা ৯ বজাৰ পৰা সন্ধিয়া 6 বজালৈ শ্ব'ৰুম আৰু কৰ্মশালাত বিশেষজ্ঞসকল উপলব্ধ। অধিক তথ্যৰ বাবে 7099028444 নম্বৰত যোগাযোগ কৰিব পাৰিব।
Post Top Ad
Responsive Ads Here
Monday, 23 January 2023
Home
-
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
৪এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডত নতুন চুপাৰ মেটিঅ'ৰ ৬৫০ মুকলি
৪এচেছ এনফিল্ড ৰিটেইল প্ৰাইভেট লিমিটেডত নতুন চুপাৰ মেটিঅ'ৰ ৬৫০ মুকলি
Tags
# -
# -গুৱাহাটী ব্যৱসায়-বাণিজ্য
Share This
About W7S News
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Labels:
-,
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment