ডালমিয়া ভাৰত ফাউণ্ডেচনে মহিলাসকলৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 January 2023

ডালমিয়া ভাৰত ফাউণ্ডেচনে মহিলাসকলৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন কৰে


 


- লংকা, উমৰাংচো আৰু বড়োলোবাঙত ২৪০ ৰো অধিক এছএইচজি (SHG) মহিলাৰ বাবে  স্বপুষ্টি আৰু স্ব-নিয়োজন সম্পৰ্কীয় প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়  


W7s news,,,,গুৱাহাটী, :  ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ (ডিচিবিএল) কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে (ডিবিএফ) উমৰাংচো আৰু লংকাত  আত্ম-সহায়ক গোটৰ পুষ্টি আৰু স্বাস্থ্যৰ বাবে  উদ্যোগৰ বিকল্প হিচাবে এক  প্ৰশিক্ষণৰ আয়োজন কৰিছিল।২৮ টা আত্ম-সহায়ক গোটৰ  প্ৰায়  ২০০ গৰাকী মহিলা কৃষকক ‘কৃষি পুষ্টি বাগিচা’ (Agri Nutri Garden’) ৰ ওপৰত  লংকাৰ ডালমিয়া চিমেণ্ট প্ৰকল্পত প্ৰশিক্ষণ দিয়া হৈছিল।  অনুষ্ঠানটোৰ নেতৃত্ব দিছিল হোজাই জিলাৰ এজন প্ৰগতিশীল কৃষক শ্ৰী দাদুল বৰা আৰু ডালমিয়া ভাৰত ফাউণ্ডেচনৰ  শ্ৰী সঞ্জয় শৰ্মা,  ৰঞ্জিত ভৰালী  মিঃ ৰাজ মহম্মদ । উদয় সিং ৰাজপুত, ইউনিট হেড আৰু ডিচিবিএলৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়া  সকলে লংকা প্ৰকল্পৰ ডি.চি.বি.এল.-ৰ চুবুৰীয়া গাওঁবোৰত খেতি কৰাৰ বাবে আত্ম-সহায়ক গোটৰ  (এছ.এইচ.জি) উপস্থিত থকা সদস্য সকলক বীজ বিতৰণ কৰে । এই প্ৰশিক্ষণৰ বিষয়বোৰ আছিল খেতিৰ পদ্ধতি, জৈৱিক সাৰৰ ব্যৱহাৰ, জৈৱ সাৰ, ৰোগৰ চিকিৎসা আৰু কৃষি পুষ্টি বাগিচাৰ পৰিচালনা।  প্ৰশিক্ষক সকলে  মহিলা আৰু শিশুৰ উন্নত পুষ্টিৰ বাবে ৰঙীন পাচলি – কেশৰ, সেউজীয়া আৰু বগা ৰঙৰ পুষ্টিগত গুৰুত্বৰ তাৎপৰ্য্য আৰু ব্যাখ্যা কৰে।    ডালমিয়া ভাৰত ফাউণ্ডেচনে বড়োলোবাং আৰু উমৰাংচো নামৰ দুখন গাঁৱৰ ৩৭ জন  আত্মসহায়ক গোটৰ সদস্যৰ বাবে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাও সফলতাৰে অনুষ্ঠিত কৰে। নগাঁৱৰ এগৰাকী মহিলা উদ্যোগীয়ে  বতৰৰ পাচলি আৰু ফলৰ পৰা বেঙেনাৰ আচাৰ, আনাৰস জাম, ষ্টাৰ ফল , চৰবত আদি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শিত  কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল স্থানীয়ভাৱে উপলব্ধ উৎপাদনৰ পৰা, আচাৰ, জাম, জেলী আৰু চৰবত ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ওপৰত এই মহিলাসকলক উদ্যোগীকৰণৰ জ্ঞান প্ৰদান কৰা।   ডিবিএফে (Dalmia Bharat Foundation) চাৰু ফুডচ প্ৰডাক্টৰ জৰিয়তে সামগ্ৰীবিলাকৰ বিপণনৰ দিশত সমৰ্থনৰ ব্যৱস্থা কৰিছে।  অনুষ্ঠানটোত ব্লক প্ৰজেক্ট মেনেজাৰ  মিঃ এলবাৰ্ট লালদুহাৱমা   আৰু  অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ (ASRLM) ব্লক সমন্বয়ক  মিছ লালচিন্দিকী চাংচান  উপস্থিত আছিল ।  তেওঁলোকে ডিবিএফৰ দ্বাৰা লোৱা পদক্ষেপক প্ৰশংসা কৰে  লগতে ক্ষুদ্ৰ   উদ্যোগসমূহক সৰ্বাধিক লাভৰ বাবে পিএমএফএমই (PMFME), উদ্যম(UDYAM) আদি বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ সৈতে সংযুক্ত কৰা হ’ব বুলিও আশ্বাস দিয়ে ।  এই পদক্ষেপসমূহৰ ওপৰত মন্তব্য কৰি  পদ্মনাভ চক্ৰৱৰ্তী,  উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক নিৰ্মাণ মুৰব্বী, ডিচিবিএল,  কয় ,” মহিলা আৰু শিশুৰ পুষ্টিহীনতা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পুষ্টি কাৰ্যসূচী - পোষণ অভিযান   হৈছে এক  চালিত প্ৰকল্প। আমি স্থানীয় মহিলাসকলৰ পুষ্টিগত বিকাশ আৰু অৰ্থনৈতিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰো  । এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে গ্ৰাম্য মহিলাসকলক নিজৰ কৃষি পুষ্টি বাগিচা নিৰ্মাণৰ লগতে উদ্যোগীকৰণৰ কাম-কাজত অংশগ্ৰহণৰ বাবে সবলীকৰণ আৰু উৎসাহিত কৰা যাৰ ফলত তেওঁলোক  আত্মনিৰ্ভৰশীল হয়।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here