W7s news,,,গুৱাহাটী, ঃ যুৱতী আৰু মহিলাৰ সৰ্বাংগীণ উন্নয়ন তথা তেওঁলোকক আত্মনির্ভশীল কৰাৰ লক্ষ্যৰে নব্যা লেডিজ ক্লাব (এনএলচি) গঠন কৰা হয়।অনুষ্ঠানটোত প্রখ্যাত লেখিকা মণিকুন্তলা ভট্টাচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ছিলা লাগে কৰ্ণৰ ৰাজ্যপাল সীমা গোয়েঙ্কাই বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। অনুষ্ঠানটোত নিতু বাখাৰেডিয়াই প্ৰতিষ্ঠাপক সভাপতি হিচাপে শপত গ্ৰহণ কৰে। একেদৰে লতা চৌখানিয়ে অধ্যক্ষ, প্রতিষ্ঠাপক সম্পাদক কবিতা শর্মা, কোষাধ্যক্ষ পুনম বাজোৰিয়া, উপ-সভাপতি নিভা সৰাফ, মুটীয়া সচিব হিচাপে পূজা আগৰৱালাই শপত লোৱাৰ লগতে কুসুম জৈন, সুনীতা কেদিয়া আৰু ৰশ্মি পাটোৱাৰীয়ে কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। এই উপলক্ষে আদৰণি ভাষণত প্ৰতিষ্ঠাপক সভাপতি রাখাৰেডিয়াই নবগঠিত সংগঠনটোৰ সকলো সদস্যক আদৰণি জনায় আৰু কয় যে সামাজিক কামৰ উপৰিও এই সংগঠনটোৱে মহিলা আৰু শিশুসকলক আত্মনিৰ্ভৰশীল কৰি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। কন্যা সন্তানৰ বাবে শিক্ষা, স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। তেওঁ লগতে কয় যে আমাৰ মুখ্য উদ্দেশ্য হৈছে মহিলাসকলক এক মঞ্চ প্রদান কৰা য'ত তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও আনক সহায় কৰিব পাৰে। মুখ্য অতিথি ভট্টাচার্যই নবগঠিত সংগঠনটোক শুভেচ্ছা জ্ঞাপন কৰে। মানব সেৱাৰ দিশত প্ৰথম পদক্ষেপ হিচাপে জু- ৰোডৰ বিদ্যাপীঠ হাই স্কুলৰ ৫ গৰাকী ছাত্ৰীৰ শিক্ষাৰ বাবদ ২১,০০০টকা প্ৰদান কৰাৰ লগতে আনন্দ মার্গ আশ্ৰমলৈ ১১,০০০ টকা সাহায্য প্রদান কৰে। ইপিনে প্রখ্যাত লেখিকা চম্পা উপাধ্যায় আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নির্মলা উপাধ্যায়ে অংশ গ্রহণ কৰি অনুষ্ঠানটোৰ সভা বৃদ্ধি কৰে। অনুষ্ঠানটোত কেবাটাও ক্লাব আৰু সংগঠনৰ সদস্য উপস্থিত থাকে।
Post Top Ad
Responsive Ads Here
Saturday, 21 January 2023

মহিলাসকলক আত্মনির্ভরশীল কৰাৰ বাবে নব্যা লেডিজ ক্লাব গঠন
Tags
# -গুৱাহাটী ব্যৱসায়-বাণিজ্য
Share This
About W7S News
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Labels:
-গুৱাহাটী ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment