গুৱাহাটী ফুড এৱাৰ্ডছ ২০২২ ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 January 2023

গুৱাহাটী ফুড এৱাৰ্ডছ ২০২২ ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

 


২২০ৰো অধিক মনোনয়নৰ সৈতে বিগত ৮ বছৰত সৰ্বাধিক অংশগ্ৰহণ 


গুৱাহাটীস্থিত ইংৰাজী সাপ্তাহিক বাতৰি কাকত আৰু আগশাৰীৰ ডিজিটেল পৰ্টেল জি প্লাছে অহা ২৮ জানুৱাৰী, ২০২৩ ত গুৱাহাটীৰ ভিভাণ্টাত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী ফুড এৱাৰ্ডছৰ অষ্টম সংস্কৰণৰ ঘোষণা কৰিবলৈ পায় আনন্দিত হৈছে।এই এৱাৰ্ড অনুষ্ঠান হৈছে এক প্ৰকাৰৰ গুৱাহাটীৰ দ্ৰুত খাদ্যাভাস আৰু ইয়াৰ লগত জড়িতসকলৰ বাবে আনন্দ উদযাপন কৰাৰ থল আৰু প্ৰতিষ্ঠিত তথা উদীয়মান প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰি অহা এক নিৰেপক্ষ মঞ্চ।গতিকে, খাদ্য উৎসাহীসকলক এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ আৰু বিভিন্ন শাখাৰ অধীনত তেওঁলোকৰ প্ৰিয় ৰেষ্টুৰেণ্টসমূহক ভোট দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। www.guwahatifoodawards.com ৱেবচাইটত দৰ্শন কৰিও আপুনি আপোনাৰ মূল্যৱান ভোট আপোনাৰ অতিকৈ প্ৰিয় ৰেষ্টুৰেণ্টক প্ৰদান কৰিব পাৰে।গুৱাহাটী ফুড এৱাৰ্ডছৰ অষ্টম সংস্কৰণৰ সন্দৰ্ভত জি প্লাছৰ পৰিচালনা সঞ্চালক আৰু প্ৰকাশক সুনীত জৈনে কয়, "জি প্লাছ আৰু গুৱাহাটী ফুড এৱাৰ্ডছৰ বাবে বিগত ৭ বছৰ এক গৌৰৱময় যাত্ৰা হিচাপে পৰিগণিত হৈছে। আনহাতে এই বছৰৰ ফুড এৱাৰ্ডছৰ বিষয়বস্তু হৈছে ‘Raise। the bar higher’। লগতে এই বছৰৰ গুৱাহাটী ফুড এৱাৰ্ডছৰ অষ্টম সংস্কৰণে নতুন বৰ্ষটো আৰু অধিক শুৱনি আৰু আকৰ্ষণীয় কৰিব তুলিব বুলিও আশা কৰিছো। যোৱা কেইবাবছৰ ক'ভিড মহামাৰীৰ বাবে খাদ্য আৰু পানীয়(F&B) উদ্যোগৰ বাবে প্ৰত্যাহ্বানজনক আছিল কিন্তু লাহে লাহে ই পুনৰ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী ফুড এৱাৰ্ডছ চহৰখনৰ বিবিধ আৰু দ্ৰুত বিকাশশীল খাদ্য আৰু পানীয় উদ্যোগৰ বাবে উৎসৰ্গিত কৰিছো।”এই বছৰ গুৱাহাটী ফুড এৱাৰ্ডছত চহৰখনৰ খাদ্য সেৱাৰ সৈতে জড়িত ৭৫ টাতকৈও অধিক বাণিজ্য প্ৰতিষ্ঠানক সামৰি ৩২ টা এৱাৰ্ডছ শাখাত ২২০তকৈও অধিক মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৰাজহুৱা ভোটদানৰ ওপৰত ভিত্তি কৰি প্ৰতিটো শাখাৰ অধীনত তালিকাভুক্ত ৰেষ্টুৰেণ্টবোৰক সন্মানীয় জুৰী সদস্যসকলে তেওঁলোকৰ প্ৰত্যেক বিভিন্ন মাপকাঠিত মূল্যাংকন কৰিব। ৰাজহুৱা ভোটদান আৰু জুৰীৰ পৰা সংগ্ৰহ কৰা নম্বৰৰ আধাৰতেই প্ৰতিটো শাখাৰ অধীনৰ শীৰ্ষ বিজয়ীসকলক তেওঁলোকৰ ব্যতিক্ৰমী মানদণ্ড আৰু সেৱাৰ বাবে ২৮ জানুৱাৰী, ২০২৩ তাৰিখে গুৱাহাটীৰ ভিভাণ্টাত পুৰস্কৃত কৰা হ'ব।গুৱাহাটী ফুড এৱাৰ্ডছ ২০২২-ৰ অংশ হিচাপে, চলিত বৰ্ষৰ জানুৱাৰী মাহতেই "গ্ৰেট গুৱাহাটী বেক অফ" অনুষ্ঠিত কৰা হ'ব, যি হৈছে গুৱাহাটীৰ সকলো ঘৰুৱা বেকাৰৰ বাবে হোম বেকাৰ অফ দা ইয়েৰ বঁটা লাভ কৰাৰ এক সোণালী সুযোগ।অষ্টম সংস্কৰণ গুৱাহাটী ফুড এৱাৰ্ডছ ২০২২ক সহযোগ কৰিছে ব্লেক এণ্ড হোৱাইট (ইউনাইটেড স্পিৰিটছ লিমিটেড),  সহ-স্পনছাৰ হৈছে চিষ্টাৰ মচলা লগতে পূৰবী ডেইৰী (ৱামুল), ইণ্ডিয়ান অইলৰ ইণ্ডেন, মেজিক কুক আৰু গ' চীজ, ন’লেজ পাৰ্টনাৰ হিচাপে ইনচাইট ব্ৰেণ্ডকমৰ দ্বাৰা সমৰ্থিত; অন্যহাতে আতিথ্য অংশীদাৰ ভিভান্তা গুৱাহাটীৰ লগতে মিডিয়া পাৰ্টনা হৈছে অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here