মডাৰ্ণ ইংলিছ স্কুলৰ নৱম বাৰ্ষিক আন্তঃবিদ‍্যালয় নাট প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ ব‍্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 January 2023

মডাৰ্ণ ইংলিছ স্কুলৰ নৱম বাৰ্ষিক আন্তঃবিদ‍্যালয় নাট প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ ব‍্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন


 


অসম জাতীয় বিদ্যালয় লৈ শ্ৰেষ্ঠ নাট্য দলৰ সন্মান


W7s news,,,গুৱাহাটী,: শিক্ষাৰ্থীৰ মাজত নাট সম্পৰ্কীয় ধাৰণা বিকশিত কৰাৰ বাবে আৰু অভিনয় দক্ষতাক উৎসাহিত কৰাৰ উদ্দেশ্য, গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ স্কুলে বাণীকান্ত কাকতি ভৱনত ২৮ জানুৱাৰী ২০২৩ ত আয়োজন কৰিলে নৱম বাৰ্ষিক আন্তঃবিদ‍্যালয় নাট প্ৰতিযোগিতা ২০২২-২০২৩ । এই উদ্ধোধনী অনুষ্ঠানত ফিল্ম আৰু থিয়েটাৰ জগতৰ  জয়ন্ত দাস (সন্মানীয় অতিথি),  অসীম কুমাৰ শৰ্মা,  বাবী বৰুৱা আৰু  নয়ন প্ৰসাদ (বিচাৰক)কে ধৰি বহুকেইগৰাকী বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে চি বি এছ চি, গুৱাহাটীৰ যুটীয়া সঞ্চালক তথা উৎকৰ্ষ বিকাশ কেন্দ্ৰৰ মুৰব্বী  জে. বৰ্মনো উপস্থিত থাকে। অনুষ্ঠানৰ মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ সকলো শিক্ষাৰ্থীকে উৎসাহ প্ৰদান কৰে।  এটি সমবেত সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটিত অন্যান্য ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো প্ৰদৰ্শন কৰা হয়।মডাৰ্ণ ইংলিছ স্কুলে প্ৰতি বছৰে আন্তঃবিদ‍্যালয় প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। অভিনয়, পৰিকল্পনা আৰু নাট ৰচনাৰ দিশত শিক্ষাৰ্থীসকলৰ সহযোগিতা আৰু সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে ই এক উৎকৃষ্ট মঞ্চ।"এই নাট প্ৰতিযোগিতা আমাৰ শিক্ষাৰ্থীসকলৰ প্ৰতিভা প্ৰদৰ্শনৰ আৰু অভিজ্ঞতা সম্পন্ন ব‍্যক্তিৰ পৰা শিকিবলৈ উৎকৃষ্ট সুযোগ। ই এনে এক কলা যিয়ে শিক্ষাৰ্থীসকলক নিজক প্ৰকাশ কৰিবলৈ, বিভিন্ন দৃষ্টিভংগী অন্বেষণ আৰু প্ৰয়োজনীয় জীৱন দক্ষতা যেনে সংগঠিত কাৰ্য সম্পন্ন আৰু সমস্যা সমাধানৰ আদিৰ বিকাশৰ সুযোগ প্ৰদান কৰে। নাটৰ দ্বাৰা, আমাৰ শিক্ষাৰ্থীসকলে সমালোচনামূলক আৰু সৃষ্টিশীল চিন্তা সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ আৰু নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস জন্মাবলৈ সক্ষম হৈছে।" মডাৰ্ণ ইংলিছ স্কুলৰ অধ‍্যক্ষা  জোনালী দাসে কয়।"এই প্ৰতিযোগিতাই শিক্ষাৰ্থীৰ মাজত প্ৰাথমিক জীৱন দক্ষতা যেনে সহায়, সহযোগিতা আৰু সংগঠিত কাৰ্য সম্পাদন আদিৰ বাবে উৎসাহ দিয়ে। ইয়াৰ উপৰিও, একেলগে এটি প্ৰদৰ্শন কৰাৰ সুযোগে তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়িবলৈ আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে একেলগে কাম কৰাৰ দৰে প্ৰয়োজনীয় গুণ সম্পৰ্কে অৱগত কৰোৱায়।"  দাসে লগতে উল্লেখ কৰে।  অংশগ্ৰহণ কৰা দলসমূহৰ বিভিন্ন দিশত যেনে তেওঁলোকৰ প্ৰদৰ্শন আৰু সাজ-সজ্জা আদিত মূল্য নিৰ্ধাৰণ কৰা হয়। ইয়াৰ বাদেও, দৰ্শকৰ বাবে বিস্ময়কৰ প্ৰদৰ্শন উপস্থাপনেৰে দলসমূহে সামাজিক সংহতি আৰু সামগ্ৰিক বিকাশৰ বাৰ্তাও প্ৰেৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here