গ্ৰন্থমেলাত তিনিগৰাকী সাংবাদিকৰ গ্ৰন্থ উন্মোচন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 7 January 2023

demo-image

গ্ৰন্থমেলাত তিনিগৰাকী সাংবাদিকৰ গ্ৰন্থ উন্মোচন

Responsive Ads Here

 

IMG-20230107-WA0050


 W7s news গুৱাহাটী: অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা 'অসম গ্ৰন্থমেলা'গুৱাহাটীত শনিবাৰে তিনিগৰাকী সাংবাদিকৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত এম আৰ পাব্লিকেশ্বনে প্ৰকাশ কৰা সাংবাদিক অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই লিখা 'থলুৱা খাদ্যৰ জুতি' আৰু দিপেন ভৰালীয়ে লিখা কবিতা পুথি 'ছিগা চেণ্ডেলৰ মালিতা' উন্মোচন কৰা হয়। অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা,  সম্পাদক ধীৰাজ গোস্বামী,

এম আৰ পাব্লিকেশ্বনে প্ৰকাশক অপূৰ্ব কলিতাৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ৰ  ভাষাতত্ব আৰু ভাষা- প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড০ অৰূপ কুমাৰ নাথে 'থলুৱা খাদ্যৰ জুতি' উন্মোচনকৰে। আনহাতে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিয়ে দিপেন ভৰালীয়ে লিখা কবিতা পুথি 'ছিগা চেণ্ডেলৰ মালিতা' উন্মোচন কৰে। অধ্যাপক ড০ অৰূপ কুমাৰ নাথে 'থলুৱা খাদ্যৰ জুতি' উন্মোচন  কৰি কয়-আজিকালি সকলো স্বাস্হ্য সচেতন। স্বাস্থ্য সন্মত থলুৱা খাদ্য সমূহ আমি গ্ৰহণ কৰি নিৰোগী হৈ থাকিব পাৰোঁ। বিশ্বায়নৰ ধামখুমীয়াত আমি   হেৰাই যাবলৈ ধৰা থলুৱা খাদ্য সমূহ সংৰক্ষণ কৰা উচিত।  গ্ৰন্থখনে এই ক্ষেত্ৰত এক ইতিহাস ধৰি ৰাখিব বুলি আশা কৰিলোঁ। এই গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব। তদুপৰি গৃহিনী সকলৰ হাতপুথি হ'ব বুলি আশা কৰিলোঁ। লগতে কবি, সাংবাদিক দিপেন ভৰালীৰ কবিতাপুথি খনেও পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰিলোঁ।' আনহাতে দিপেন ভৰালীয়ে লিখা কবিতা পুথি 'চিঙা চেণ্ডেলৰ মালিতা' উন্মোচন কৰি কয়-কবিতা পুথি খনৰ বেটুপাত সুন্দৰ হৈছে। খুব সহজ সৰল ভাষাত দিপেন ভাৰলীয়ে লিখিছে।আনহাতে 'থলুৱা খাদ্য জুতি' গ্ৰন্থখন বহুতৰ বাবে হাতপুথি হ'ব । বৰ্তমান সময়ত প্ৰয়োজনীয় গ্ৰন্থ। খাদ্য ৰসিক নতুন ৰন্ধনৰ  দিহা পৰামৰ্শ লাভ কৰিব। দুয়োখন গ্ৰন্থ গ্ৰন্থানুৰাগীয়ে আদৰি ল'ব।' অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বৰষা ডেকা,  সাংবাদিক বসন্ত দাস, চন্দন কলিতা, অপৰাজিতা ভৰালীৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *