ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনৰ, ২০২৩ চনৰ বাবে নামভৰ্তি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 January 2023

ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনৰ, ২০২৩ চনৰ বাবে নামভৰ্তি ঘোষণা





২০২৩ চনৰ ১৪ জানুৱাৰীত WUD ৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা


W7s news,,গুৱাহাটী, : ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে ২০২৩ বৰ্ষৰ বাবে বিশ্ববিদ্যালয়খনত আগবঢ়োৱা সকলো শাখাৰ স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচীত নামভৰ্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অনলাইন আবেদনৰ বাবে আমন্ত্ৰণ জনাইছে । WUDAT ২০২৩, বিশ্ববিদ্যালয়খনৰ ডিজাইন এপ্টিটুড ভিত্তিক প্ৰৱেশ পৰীক্ষা ১৪ জানুৱাৰী, ২০২৩ ত অনুষ্ঠিত হ’ব । আবেদনৰ অন্তিম তাৰিখ ১২ জানুৱাৰী, ২০২৩ ধাৰ্য কৰা হৈছে।WUDAT ২০২৩ অনলাইনযোগে অনুষ্ঠিত হ'ব আৰু এই ২.৫ ঘণ্টীয়া প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে ঘৰৰ পৰাই অৱতীৰ্ণ হ'ব লাগিব। আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে নিম্ন উল্লেখিত লিংকটো ব্যৱহাৰ কৰি প্ৰপত্ৰ ডাউনলোড আৰু পঞ্জীয়ন কৰিব পাৰিব: https://worlduniversityofdesign.nopaperforms.com/ফেশ্বন, প্ৰডাক্ট, অভ্যন্তৰীণ, পৰিবহণ, গ্রাফিক, জনসংযোগ, এনিমেচন, চলচ্চিত্ৰ আৰু ভিডিঅ', দৃশ্য কলা, পৰিবেশন কলা, স্থাপত্য আৰু ব্যৱসায়কে আদি কৰি প্ৰায় ৩০টা অত্যাধুনিক, বহুমুখী আৰু ‘নিউ-ৱৰ্ল্ড-ৰেডি’ সৃষ্টিশীল ডমেইনত  প্ৰগ্ৰেমৰ বাবে নামভৰ্তিৰ আবেদন মুকলি কৰা হৈছে।ডিজাইন হৈছে এই সৃষ্টিশীল পৃথিৱীৰ প্ৰয়োজনীয়তা আৰু যিসকলে ডিজাইনৰ জগতখনত প্ৰতিভা আৰু যোগ্যতাৰে নিজৰ নাম  খোদিত কৰিব বিচাৰে তেওঁলোকৰ বাবে অপৰিসীম সুযোগ কঢ়িয়াই আনে। ডিজাইনৰ পৰিসৰ আজি বহল হৈ বৰ্ধিত বাস্তৱতা, কৃত্ৰিম বুদ্ধিমত্তা (AI), ইউআই/ইউএক্স (UI/UX),  নগৰ উন্নয়ন, বহনক্ষমতা, সমাজবিজ্ঞান আৰু ৰাজহুৱা নীতি আদিকে ধৰি সকলো উদ্যোগৰ বিষয় ইত্যাদি সকলোবোৰ সোমাই পৰিছে যাৰ ফলত অপৰিসীম সম্ভাৱনাৰ পথাৰ মুকলি হৈছে।এই সহজ আবেদন প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে পঞ্জীয়ন কৰিব লাগিব, ইমেইল আইডি পৰীক্ষা কৰিব লাগিব আৰু প্ৰপত্ৰ পূৰণ কৰিব লাগিব। প্ৰাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসকৰ পৰা তেওঁলোকৰ প্ৰশ্নসমূহৰ তৎকালীন আৰু দক্ষতাৰে উত্তৰ পাবলৈ তেওঁলোকৰ অনন্য WUD প্ৰশ্ন ব্যৱস্থাপনা শিতানৰ (WUD-QMS) ব্যৱহাৰ কৰিব পাৰে। এই বছৰ আৰম্ভ হ’বলগীয়া স্নাতক ডিগ্ৰীসমূহ হৈছে ডিজাইনৰ স্নাতক ডিগ্ৰী (BDes), বিজনেছ এডমিনিসট্ৰেশ্যনৰ স্নাতক ডিগ্ৰী (BBA), আৰ্কিটেকচাৰৰ স্নাতক ডিগ্ৰী (BArch), কলা শাখাৰ স্নাতক ডিগ্ৰী (BA(Hons) আৰু পৰিবেশ্য কলাৰ স্নাতক ডিগ্ৰী (BPA)। ইয়াৰোপৰি, ইয়াত অন্তৰ্ভুক্ত স্নাতকোত্তৰ প্ৰগ্ৰেমসমূহ হ’ল ডিজাইনৰ স্নাতকোত্তৰ ডিগ্ৰী (MDes), বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী (MSc), বিজনেছ এডমিনিসট্ৰেশ্যনৰ স্নাতকোত্তৰ ডিগ্ৰী (MBA), ৰ্ভিজুৱেল আৰ্টছৰ স্নাতকোত্তৰ ডিগ্ৰী (MVA) আৰু পৰিবেশ্য কলাৰ স্নাতকোত্তৰ ডিগ্ৰী (MPA)। ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে ফেশ্বন ডিজাইন, গ্রাফিক এণ্ড ৱেব ডিজাইন, ফটোগ্ৰাফী, পেছাদাৰী অটোমোটিভ মডেলিং, পেইন্টিং, ডিজাষ্টাৰ ৰেজিলিয়েণ্ট প্লেনিং এণ্ড ডিজাইন আৰু ফিল্ম অভিনয়ৰ ডিপ্লমা প্ৰগ্ৰেমও আগবঢ়ায়।এচাম নতুন ছাত্ৰ-ছাত্ৰীক আদৰিবলৈ সাজু হৈ বিশ্ব ডিজাইন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সঞ্জয় গুপ্তাই  কয়, “আমি ২০২৩ চনত প্ৰবেশ কৰাৰ লগে লগে  আমি আমাৰ প্লেচমেণ্টসমূহৰ সফলতাই আকাশ চুইছে "! ২০২২ চনত আমাৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা বহুতো কৰ্মশালা আৰু কনক্লেভৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশ্বব্যাপী ধাৰাসমূহৰ সৈতে সংস্পৰ্শ বহুগুণে বৃদ্ধি পাইছে। আমি এতিয়া আকাশৰ দৰে উচ্চাকাংক্ষা আৰু পাহাৰৰ দৰে শক্তিশালী উদ্যম লৈ আগ বঢ়া নতুন প্ৰজন্মৰ ডিজাইনৰ ছাত্ৰ-ছাত্ৰীক আদৰিবলৈ সাজু হৈছোঁ। ২০২৩ চনৰ শৈক্ষিক অধিবেশনৰ অগ্ৰিম ৰাউণ্ডৰ প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা প্ৰাৰ্থীসকলৰ সৃষ্টিশীল শিক্ষাৰ প্ৰতি যোগ্যতা মূল্যায়ন কৰা হয় আৰু কাউন্সেলিং চেশ্যনৰ জড়িয়তে তেওঁলোকৰ অন্তৰ্নিহিত দক্ষতা অনুসৰি সঠিক কেৰিয়াৰ পথ বাছনি কৰিবলৈ পথ প্ৰদৰ্শন কৰা হয়। মই আশাবাদী যে এই বছৰটো আমাৰ বাবে অন্য এক আশাব্যঞ্জক আৰু উজ্জ্বল বছৰ হ’ব।”ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে উদীয়মান, উচ্চাকাংক্ষী শিক্ষাৰ্থী সকলক   এনে এখন সুলভ, উচ্চ শিক্ষাৰ মানদণ্ড সম্পন্ন, এটা সজীৱ কেম্পাছ জীৱন, আৰু যত্নশীল অধ্যাপকৰ পৰা ব্যক্তিগতকৃত মনোযোগৰ সৈতে ভৰপূৰ নিজৰ ধৰণৰ সৃষ্টিশীল বিশ্ববিদ্যালয়ৰ পৰা এক উচ্চ চাহিদাগত ডিগ্ৰী লৈ নিজকে সুদক্ষ ৰূপত গঢ়ি তোলাৰ সুন্দৰ সুযোগ প্ৰদান কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকলক সকলো ক্ষেত্ৰতে অধিক শিকিবলৈ, অধিক কৰিবলৈ আৰু সৰ্বোত্তম হৈ উঠিবলৈ অন্তহীন সুযোগ প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here