চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনীৰ আনুষ্ঠানত
বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰৰ অংশগ্ৰহণ
W7s news গুৱাহাটী : ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটা চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ”(Eyes on the Sunshine) চলচ্চিত্রখনি ২৭ জানুৱাৰীত ৰাজ্যৰ চিত্ৰগৃহলৈ আহিব। মঙলবাৰে গুৱাহাটীৰ পি ভি আৰ চিনেপ্লেস্ক্সত চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বলিউডৰ জনপ্ৰিয় অভিনেতা ৰজত কাপুৰে অংশগ্ৰহণ কৰি অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি সুন্দৰ অভিজ্ঞতা হ'ল। চলচ্চিত্ৰখনৰ কলা -কুশলী সকলক ধন্যবাদ জনালোঁ। এটা সুন্দৰ টিমৰ সৈতে কাম কৰিলোঁ। চলচ্চিত্ৰখনৰ সফলতা কামনা কৰিছোঁ।'
অনুষ্ঠানত কণ্ঠশিল্পী তৰালি শৰ্মা, চলচ্চিত্ৰখনৰ পৰিচালক মঞ্জুল বৰুৱা, ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী উপস্থিত থাকে।সম্প্ৰতি দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত তথা সমাদৃত ছবিখনিৰ সংগীত পৰিচালনা কৰিছে তৰালি শৰ্মাই। ছবিখনিত সংযোজিত তৰালি শৰ্মাৰ দুয়োটা গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞা আৰু তৰালি শৰ্মাই। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ। মেকআপ আৰ্টিষ্ট তীব্ৰজ্যোতি বৈৰাগী। ছবিখনি সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমাইয়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। "অনুৰ" ত অভিনয় কৰিছে ক্ৰমে- বলীউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে.কাশ্যপ, ময়ূৰ জি.দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে। উল্লেখ্য, চলচ্চিত্ৰখন ২৬ জানুৱাৰীত যোৰহাটৰ আয়নেস্ক্সত মুক্তি লাভ কৰিব। তদুপৰি চলচ্চিত্ৰখনে প্ৰযোজক, পৰিচালকৰ পছন্দ মতে এটা শ্ব' লাভ কৰিব বুলি এই অনুষ্ঠানত জানিবলৈ দিয়ে।
No comments:
Post a Comment