খেলো গুৱাহাটী' ইণ্টাৰ স্কুল টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 January 2023

খেলো গুৱাহাটী' ইণ্টাৰ স্কুল টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি

 



W7s news,,,,গুৱাহাটী   শিক্ষাৰ্থীসকলৰ মাজত লুকাই থকা প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰ্য নগৰৰ আইটিআই ফিল্ডত ২ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰা ল'ৰা আৰু ছোৱালীৰ বাবে আন্তঃবিদ্যালয় টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট 'খেলো গুৱাহাটী' সফলতাৰে সামৰণি পৰে।১৩ খন বিদ্যালয়ে  'খেলো গুৱাহাটী' ক্ৰিকেট প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে।প্ৰতিযোগিতা খনত ছোৱালীৰ ৬ টা দলে অংশ গ্ৰহণ কৰে।যোৱা ৭ জানুৱাৰীত  অনুষ্ঠিত হয় বঁটা বিতৰনী অনুষ্ঠান।সামৰণি অনুষ্ঠানটোত  শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাপতি পৱন কুমাৰ আগৰৱালা,কোষাধ্যক্ষ কিশান লোহিয়া, যুটীয়া সম্পাদক নবল কিশোৰ মোৰে, ৰতন গোৱেঙ্কা, অধ্যক্ষ ৰিণা ভৌমিককে আদি কৰি সদস্য আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। লৰাৰ শাখাত চান ফ্লৱাৰ ইংলিছ হাই স্কুল আৰু হেপ্পী চাইল্ড হাই স্কুলৰ মাজত চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়।হেপ্পী চাইল্ড হাই স্কুলে প্ৰতিযোগিতা খনত বিজয় সাব্যস্ত কৰাৰ লগতে ছোৱালীৰ শাখাত অকলেণ্ড ইংলিছ হাই স্কুল বিজয়ী হয়। প্ৰতিযোগীতাত হেপ্পী চাইল্ড হাই স্কুলে প্ৰথমে বেটিং কৰি চান ফ্লৱাৰ ইংলিছ হাই স্কুলক ৭৪ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।কিন্তু চান ফ্লৱাৰ ইংলিছ হাই স্কুলৰ দলটো নিৰ্ধাৰিত ১০ অভাৰত মাত্ৰ ৭১ ৰান কৰি আটাই কেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে।একেদৰে ছোৱালীৰ শাখাত চূড়ান্ত প্ৰতিযোগিতাত নতুন ফটাশিল টাউন হাই স্কুলৰ দলটো ২৩ ৰান কৰি অকলেণ্ড ইংলিছ হাই স্কুলক ২৪ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।প্ৰত্যুত্তৰত অকলেণ্ড ইংলিছ হাই স্কুলে মাত্ৰ ৪.৪ অভাৰত এটাও উইকেট নেহেৰুৱাই বিজয় সাব্যস্ত কৰে।ছোৱালীৰ শাখাত অকলেণ্ড ইংলিছ হাই স্কুলৰ নেহা কুমাৰীয়ে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰাৰ লগতে ল'ৰাৰ শাখাত হেপ্পী চাইল্ড হাই স্কুলৰ দেৱায়াংশ সিঙে লাভ কৰে মেন অৱ দ্যা মেচৰ সন্মান। চান ফ্লৱাৰ  ইংলিছ হাই স্কুলৰ ইমৰান খানে মেন দ্যা টুৰ্ণামেণ্টৰ সন্মান লাভ কৰাৰ লগতে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তাকিবুৰ আলী  আৰু শ্ৰী দিগম্বৰ জৈন বিদ্যালয়ৰ পাৱানী তিৱাৰীয়ে শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।একেদৰে শ্রেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।হেপ্পী চাইল্ড হাই স্কুলৰ সুভোৰাজ মণ্ডলে শ্ৰেষ্ঠ বেটছমেনৰ সন্মান লাভ কৰাৰ লগতে সোণাৰাম উচ্চতৰ বিদ্যালয়ৰ সন্দ্বীপ দাসে লাভ কৰে শ্রেষ্ঠ বলাৰৰ সন্মান।  বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে প্ৰতি বছৰে এনে প্ৰতিযোগিতাৰ  আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু অধিক বিদ্যালয়ৰ অংশ গ্ৰহণৰ আশা প্ৰকাশ কৰে।শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ  সাৰৱাৰী দাসে কয় যে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক আৰু অন্যান্য কৰ্মচাৰীয়ে এই ক্ৰীড়া প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰি তুলিবলৈ বিশেষ অৰিহনা যোগাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here