ৰাজ্যিক ভিত্তিত বক্তৃতা প্রতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 January 2023

ৰাজ্যিক ভিত্তিত বক্তৃতা প্রতিযোগিতা

 


W7s news গুৱাহাটী : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ কৃষক মৰ্চাৰ উদ্যোগত ৰাজ্যজুৰি আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ ৰাজ্যিক পৰ্যায় সোমবাৰে অনুষ্ঠিত হয় । ৰাজ্যৰ ৪০ এখন সাংগঠনিক জিলাৰ প্ৰতিখনে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ বিষয় দুটা আছিল লাচিত বৰফুকন আৰু কৃষি তথা কৃষকৰ হিতার্থে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৷ বিগত তিনিটা দিনত জিলাবোৰত অনুষ্ঠিত প্রতিযোগিতাবোৰত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগীয়ে সোমবাৰে ৰাজ্যিক ভিত্তিত গুৱাহাটীৰ মুখ্য কাৰ্যালয় অটল বিহাৰী ভৱনত অনুষ্ঠিত প্রতিযোগিতাত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, উপ সভাপতি ৰঞ্জিত ভট্টাচার্য, কৃষি সামগ্রী বিপণন পৰিষদৰ অধ্যক্ষ বৰুৱা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপাধ্যক্ষ ধ্রুবজ্যোতি মৰল, ক্ষুদ্র উদ্যোগ বিভাগৰ উপাধ্যক্ষ কিশোৰ উপাধ্যায়, কৃষক মৰ্চাৰ প্ৰভাৰী অশোক ভট্টৰায়, কৃষক মৰ্চাৰ অসম প্ৰদেশত সাধাৰণ সম্পাদক নিবাৰণ লহকৰ উপস্থিত থাকে । ৰাজ্যিক ভিত্তিত প্রথম তিনিটা স্থানৰ বিজয়ী প্রতিযোগীক মানপত্র, কিতাপৰ টোপোলা আৰু নগদ ধনৰাশি প্ৰদান কৰা হয় ৷ জিলাবোৰৰ প্ৰতিযোগিতাৰ স্থান প্রাপ্তসকলক প্ৰদান কৰা হয় প্রশংসা পত্র এই কাৰ্যক্ৰমণিকা পৰিচালনাৰ দায়িত্বত আছিল ঈপ্সিতা বৰুৱা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here