W7s news
গুৱাহাটী : গুৱাহাটীৰ আই টি এ মাছখোৱাত দেওবাৰে জিএনআৰচি ‘স্বাস্থ্যমিত্র এক্সিলেন্স এৱাৰ্ড' প্ৰদান (ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ অন্তৰ্গত স্বাস্থ্যকৰ্মীসকললৈ বঁটা প্ৰদান) কৰা হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনত জ্যেষ্ঠ সাংবাদিক
প্ৰকাশ মহন্ত মুখ্য অতিথি আৰু পৰাগমণি আদিত্য সন্মনীয় অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰি জি এন আৰ চি হাস্পতালৰ এই পদক্ষেপক শলাগ লয়। জি এন আৰ চি হাস্পতালৰ গ্ৰুপ চিই অ' আশিষ মালাকাৰে আদৰণি ভাষণ দিয়া সভাত জি এন আৰ চিৰ কাৰ্যবাহী সঞ্চালক শতাব্দী বৰা উপস্থিত থাকে।উল্লেখ্য, প্রায় ১১০০ স্বাস্থ্যমিত্ৰৰ উপস্থিতিত দেওবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত তৃতীয় স্বাস্থ্যমিত্র এক্সিলেন্স এৱাৰ্ড' অনুষ্ঠিত হয়। ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ২০০ গৰাকী স্বাস্থ্যমিত্ৰক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। তেওঁলোকৰ কষ্ট, অৰিহণা আৰু সফলতাক ৰাজহুৱাকৈ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে প্রতিমাহে এই বঁটা প্ৰদান কৰা হয়। ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই কয়-সমগ্ৰ বিশ্বতে ১০০ কোটিতকৈও অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত। উপযুক্ত চিকিৎসা সেৱা ব্যৱস্থা এটাৰ জৰিয়তে নিৰোগী আৰু সবল সমাজ এখন আৰু এখন অর্থনৈতিকভাবে সমৃদ্ধিশালী দেশ গঢ়াৰ লক্ষ্য আগত ৰাখি ২০১৭ বৰ্ষৰ আগষ্ট মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচিয়ে ব্যয়সাধ্য স্বাস্থ্য অভিযান'ৰ সূচনা কৰা হৈছিল। এই অভিযানৰ অন্তৰ্গত 'স্বাস্থ্যমিত্র রূপে দায়িত্ব পালন কৰি ৬,৫০০ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে কোণে এক কোটিতকৈও অধিক লোকৰ জীবন স্পৰ্শ কৰিছে। আজি আমি স্বাস্থ্যমিত্ৰ সকলক সন্মান জনাবলৈ পাই আনন্দিত।' "সমগ্ৰ বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওতালৈ অনাটো এক জটিল প্রক্রিয়া। আমাৰ মানুহবোৰক সংগঠিত কৰি, স্বাস্থ্য সম্পর্কে শিক্ষা প্ৰদান কৰি, তেওঁলোকৰ মাজত থাকি নিচ্ছিন্নভাবে স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনসাপেক্ষে জৰুৰীকালীন ৰোগৰ ক্ষেত্ৰত হাস্পতালত ভৰ্তি কৰোৱাকে ধৰি বহুকেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা পাঁচ বছৰ আগতে ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল। ৰোগমুক্ত আৰু স্বাস্থ্যবান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভাবে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰ। আমাৰ এই আঁচনিৰ জৰিয়তে আমি এখন ৰোগমুক্ত, সরল, স্বাস্থ্যবান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো। আমাৰ স্বাস্থ্যমিত্ৰসকলকৰ অহর্নিশ কষ্টৰ ফলতহে আজি এই অভিযানে সফলতাৰ মুখ দেখিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান তথা স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আজিৰ এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি আমাৰ এই স্বাস্থ্যমিত্ৰসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত যোজনাৰ সফল ৰূপায়ণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে। প্ৰায়ভাগ ৰোগৰে মুখ্য কাৰণ হ'ল ইয়াৰ বিষয়ে বিশদভাবে নজনাটো, অস্বাস্থ্যকৰ জীবন যাপন আৰু সময়োপযোগী তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা। ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাসমূহৰ এক সমিধান উলিয়াবলৈ যত্ন কৰিছো। যি কাৰ্য তৃণমূল পৰ্যায়ত স্বাস্থ্যমিত্ৰসকলে ৰূপায়ণ কৰি আছে।
No comments:
Post a Comment