শ্রীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অধিবেশনৰ সামৰণি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 8 January 2023

demo-image

শ্রীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অধিবেশনৰ সামৰণি

Responsive Ads Here

 

IMG-20230108-WA0027



W7s news গুৱাহাটী: শ্রীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ  ৪৫ সংখ্যক আৰু মথুৰা দাস বুঢ়া  আঞ্চলিক শাখাৰ ২৪ সংখ্যক বাৰ্ষিক অধিবেশনখন ৬ জানুৱাৰীৰ পৰা ৰূপনগৰস্থিত শংকৰী সংস্কৃতি কেন্দ্রত অনুষ্ঠিত হয়।  নাম, প্ৰসংগ, ভাগৱত ভ্ৰমণ,প্ৰতিনিধি সভা, দিহানাম প্ৰতিযোগিতা, মুকলি সভা, ভাওনা আদি এই কাৰ্যসূচীৰে অনুষ্ঠিত হয়  অধিবেশখন। আনহাতে অধিবেশনৰ সামৰণি অনুষ্ঠান উপলক্ষে দেওবাৰে প্ৰাত:প্ৰসংগ, ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। তাৰপাছত অনুষ্ঠিত মুকলি সভাখন গুৱাহাটী মহানগৰী জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকাৰ সভাপতিত্বত আনুষ্ঠিত হয়। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা সন্মানীয় অতিথি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। তদুপৰি নিমন্ৰিত অতিথি হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক (প্ৰশাসনিক) ড০ শেখৰকান্তি সৰকাৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি বিশিষ্ট অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰচাৰক দেবেন্দ্ৰ গিৰি,মণিকাঞ্চন বার্তালোচনীৰ পৰিচালন সম্পাদক প্ৰমোদ হালৈ, শৰণ সদস্য প্ৰাণহৰি মহন্ত আদি উপস্থিত থাকে।এই উপলক্ষে স্মৃতিগ্ৰন্থ 'ভকত ৰঞ্জন' উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ মৃদুল হাজৰিকাই।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *