ELECRAMA ২০২৩ ৰ বাবে গুৱাহাটীত ৰোড শ্ব’ৰ আয়োজন IEEMAৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 January 2023

ELECRAMA ২০২৩ ৰ বাবে গুৱাহাটীত ৰোড শ্ব’ৰ আয়োজন IEEMAৰ

 


 


এই সংস্কৰণে ৮ বিলিয়ন ডলাৰ মূল্যৰ ব্যৱসায় সম্বন্ধীয় প্ৰশ্ন লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে


 


   ● বৈদ্যুতিক আৰু সংশ্লিষ্ট সঁজুলিৰ শাখাত সামগ্ৰী, সমাধান আৰু প্ৰযুক্তিৰ সমগ্ৰ ৰেঞ্জ প্ৰদৰ্শন


   ● ৮ বিলিয়ন ডলাৰ মূল্যৰ ব্যৱসায় সম্বন্ধীয় প্ৰশ্নৰ লক্ষ্য


   ● ৭০ খনতকৈ অধিক দেশৰ দৰ্শক আৰু প্ৰদৰ্শনকাৰীৰ সৈতে নতুন বজাৰ


   ● কানাডা, ফ্ৰান্স, জাৰ্মানী, ৰোমানিয়া, টাইৱান, ইউ কেৰ আন্তঃৰাষ্ট্ৰীয় পেভিলিয়ন


   ● স্বচ্ছ শক্তিৰ পদক্ষেপ অন্তৰ্ভুক্তিৰে সামগ্ৰিক জীৱনশৈলীৰ বিকাশ আৰু উত্তৰণ ঘটোৱা হ’ব


   ● ষ্টাৰ্টআপ চেলেঞ্জ বঁটা প্ৰৱৰ্তন


 

W7s news  গুৱাহাটী: (অসম): ভাৰতীয় বৈদ্যুতিক সঁজুলি নিৰ্মাণ উদ্যোগৰ শীৰ্ষ সন্থা ইণ্ডিয়ান ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ মেনুফেকচাৰাৰ্ছ এছ’চিয়েচনে আজি গুৱাহাটীৰ হোটেল নভোটেলত ELECRAMA ৰ ১৫ সংখ্যক সংস্কৰণৰ ৰোডশ্ব’ৰ সৈতে উত্তৰ পূৰ্বাঞ্চল শক্তি খণ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকলেৰে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে ।


 


IEEMA ৰ দ্বাৰা ইণ্ডিয়ান ইলেক্ট্ৰিকেল এণ্ড এলাইড ইলেক্ট্ৰনিকছ ইণ্ডাষ্ট্ৰিৰ সৰ্ববৃহৎ ষ্টেণ্ড-এলোন প্ৰদৰ্শনী ELECRAMA অনুষ্ঠিত হ’ব গ্ৰেটাৰ নয়দাৰ ইণ্ডিয়া এক্সপ’ মাৰ্টত ১৮ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰী ২০২৩ লৈকে । ভাৰতক বৈদ্যুতিকৰণ, ডিজিটেলকৰণ আৰু সেউজীয়াকৰণ কৰি তোলাত ভাৰত চৰকাৰৰ ১০০ বছৰীয়া সহযোগিতাক বাস্তৱত পৰিণত কৰিবলৈ IEEMA আৰু ইয়াৰ সদস্যসকলে একলগ হৈ কাম কৰিব । ELECRAMA ২০২৩ ৰ বিষয়বস্তু হৈছে “বহনক্ষম ভৱিষ্যতৰ বাবে শক্তিক পুনৰ কল্পনা কৰা” আৰু ই সংৰক্ষণ, সেউজ হাইড্ৰজেন, ফিউল চেলছ, এ আই আৰু আই অ’ টিৰ লগতে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰযুক্তিক প্ৰদৰ্শন কৰাৰ ওপৰত ভিত্তি কৰি  গঠিত  হ’ব । এই সংস্কৰণে শক্তি সংৰক্ষণ, কাৰ্বনৰ নিৰ্গমণ শূণ্য কৰা আৰু স্মাৰ্ট ব্যৱহাৰৰ জৰিয়তে বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।


IEEMA ৰ ইলেক্টৰ অধ্যক্ষ হামজা আৰ্ছিৱালাই কয়, “উত্তৰ পূৰ্বাঞ্চলত থকা শক্তিৰ বৃহৎ জলাশয়টোক বহনক্ষমভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু এই অগ্ৰগতিৰ ক্ষেত্ৰত বাটত আহি পৰা বহু বাধা অতিক্ৰম কৰিব লগা হৈছে । ২০৭০ ৰ ভিতৰত শূণ্য নিৰ্গমণৰ লক্ষ্য পূৰণৰ দিশত  ভাৰতৰ প্ৰথমটো জয় হ’বলৈ সাজু হৈছে উত্তৰ পূৱ । এই পৰিবৰ্তনৰ মূলতে হ’ব স্বচ্ছ শক্তি আৰু বিদ্যুৎ । অহা ২৫ বছৰৰ ভিতৰত এই খণ্ডত প্ৰায় ২ ট্ৰিলিয়ন ডলাৰ বিনিয়োগ হ’ব আৰু আমাৰ খণ্ডৰ অংশীদাৰীত্ব ভাৰতৰ জি ডি পিৰ % হিচাপে দুগুণ হোৱাৰ লগতে খণ্ডটোৰ দ্বাৰা হোৱা ৰপ্তানি ১০× বৃদ্ধি হ’ব বুলি আমি আশা কৰিছোঁ । ভাৰতে প্ৰচুৰ শক্তি আমদানি কৰা ৰাষ্ট্ৰৰ পৰা শক্তি নিৰপেক্ষ/ৰপ্তানিকাৰী ৰাষ্ট্ৰত পৰিণত হোৱাৰ সোণালী সুযোগ লাভ কৰিছে । এইবাৰ  ELECRAMA ৰ বাবে নতুন শক্তি আৰু বহনক্ষমতাত গুৰুত্ব দিয়াৰ লগতে আমি IEEMA ষ্টাৰ্ট-আপ চেলেঞ্জ -ও মুকলি কৰিছোঁ আৰু ELECRAMA ২০২৩ ত নিজৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰিব পৰাকৈ কিছুসংখ্যক সম্ভাৱনাপূৰ্ণ লোকৰ বাবে এক প্লেটফৰ্ম তৈয়াৰ কৰিছে । ELECRAMA ত কেৱল শীৰ্ষ ১০-১২ য়েহে প্ৰদৰ্শন কৰাৰ সুযোগ পাব, আমি আপোনালোকক সকলো অংশগ্ৰহণকাৰীকে প্ৰত্যক্ষ কৰিব পৰাকৈ সক্ষম কৰি তুলিম । আমি এই ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰক আকোৱালি ল’ব লাগিব আৰু তেওঁলোকক পৰ্যায়ক্ৰমে আমাৰ উদ্যোগ/প্ৰতিষ্ঠানসমূহেৰে জড়িত হোৱাত অনুমতি প্ৰদান কৰিব পৰাকৈ এক ব্যৱস্থা সৃষ্টি কৰিব লাগিব । তেওঁলোকক আমাৰ  আৰ এণ্ড ডিৰ আৰু সামগ্ৰী উন্নয়ন শাখাৰ সম্প্ৰসাৰিত ৰূপ বুলি ভাবি তেওঁলোকৰ সৈতে সংযোগ হ’ব লাগিব ।''


ELECRAMA ৰ অধ্যক্ষ জিতেন্দ্ৰ আগৰৱালে কয়, “ELECRAMA ৰ ১৫ সংখ্যক সংস্কৰণে প্ৰধানকৈ বিভিন্ন প্ৰকাৰৰ ক্ষেত্ৰত  উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰযুক্তি প্ৰদৰ্নত গুৰুত্ব আৰোপ কৰিব । এই সংস্কৰণত আমি ৬ বিলিয়ন ডলাৰ মূল্যৰ ব্যৱসায় সম্বন্ধীয় প্ৰশ্ন লাভৰ আশা কৰিছোঁ । কিয়নো ইয়াত দক্ষিণ পূৱ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ ইত্যাদিকে ধৰি ৭০০ তকৈ অধিক দেশৰ ক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা যাব । উদ্যোগৰ বিকাশ আৰু সফলতাৰ বাবে ৰে’লৱে, মেট্ৰ’, বিমানবন্দৰ, প্ৰতিৰক্ষা বাহিনী, স্মাৰ্ট চিটি, অট্টালিকা, সেউজ হাইড্ৰজেন আৰু ই ভি পৰিবেশতন্ত্ৰৰ দৰে সৰ্বাধিক পৰিমাণৰ মূলধন বিনিয়োগ হোৱা ষ্টাৰ্টআপ আৰু নতুন ব্যৱসায়ে ভৱিষ্যতে সীমাহীন ব্যৱসায়িক সুযোগ আগবঢ়াব ।“


 


IEEMA ৰ ৰাষ্ট্রীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সদস্য শ্ৰী সিদ্ধাৰ্থ ভুটোৰিয়া, আৰ টি এছ পাৱাৰৰ সঞ্চালক আৰু  RBSM, ELECRAMA 2023 ৰ অধ্যক্ষ, IEEMA পূৱ প্ৰান্তৰ অধ্যক্ষ  দেৱেশ গোৱেল আৰু IEEAM ৰ প্ৰাক্তন অধ্যক্ষ  হৰিশ আগৰৱালেও আমাৰ উদ্যোগৰ বাবে উন্মোচিত সুযোগৰ বিষয়ে মন্তব্য কৰে আৰু বিশ্বৰ নতুন শক্তি আৰু শূণ্য নিৰ্গমণৰ যোগান শৃংখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।


ELECRAMA ৰ এই ১৫ সংখ্যক সংস্কৰণে ৱৰ্ল্ড ইউটিলিটি ছামিট, ই টেকনেক্সট, চেঞ্জ এক্স চেঞ্জ – ৰিভাৰ্ছ বায়াৰ্ছ ছেলাৰ্ছ মীট, ডি বি এছ এম – ডমেষ্টিক বায়াৰ ছেলাৰ মীট আৰু ষ্টাৰ্টআপ চেলেঞ্জ এৱাৰ্ডৰ দৰে মাৰ্কি ইভেন্টৰ অধীনত ধাৰাবাহিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here