W7s news,,,গুৱাহাটী, : পূৰবী গাখীৰ, পূৰবী দৈ, পূৰবী পনীৰ আৰু পূৰবী ক্ৰীম ইত্যাদিৰ অতুলনীয় সোৱাদৰ সৈতে অসমে মাঘ বিহু উদযাপন কৰাৰ সময়তেই পূৰবী ডেইৰীয়ে বিক্ৰীৰ ক্ষেত্ৰত বৃহৎ অভিলেখ গঢ়ে।এইবছৰৰ মাঘ বিহুৰ সময়চোৱাত পূৰবী ডেইৰীৰ গাখীৰৰ বিক্ৰীৰ পৰিমাণ বিগত বছৰৰ তুলনাত ১৭ শতাংশ বৃদ্ধি পাইছে। উৰুকাৰ পূৰ্বৰ দুদিনত পূৰবী ডেইৰীৰ গাখীৰৰ বিক্ৰী প্ৰতিদিনে ১ লাখ লিটাৰ অতিক্ৰম কৰাৰ বিপৰীতে গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীসমূহৰ বিক্ৰী বিগত চাৰিটা দিনত একেৰাহে প্ৰতিদিনে ১ লাখ লিটাৰৰ সীমা অতিক্ৰম কৰিছে।“উচ্চ গুণগত মানদণ্ড আৰু সৰ্বত্ৰে উপলব্ধ হোৱাৰ বাবেই পূৰবী ডেইৰীৰ সামগ্ৰীসমূহে অসমৰ গ্ৰাহকসকলৰ মৰম আৰু সমাদৰ লাভ কৰি আহিবলৈ সক্ষম হৈছে। যোৱা ১৩ জানুৱাৰীৰ দিনটোত সৰ্বকালৰ সৰ্বোচ্চ এদিনীয়া বিক্ৰীৰ অভিলেখ গঢ়ি ১.৪ লাখ লিটাৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰী হয়,’’ পূৰবী ডেইৰীৰ এগৰাকী মুখপাত্ৰই এইদৰে কয়। এই মাঘ বিহুৰ সময়ছোৱাত যোৱা বছৰৰ তুলনাত মুঠ দৈৰ বিক্ৰীৰ সংখ্যা ৩৫%তকৈ অধিক বৃদ্ধি পাইছে, আনহাতে পূৰবী পনীৰ বিক্ৰী ৩০% বৃদ্ধি পাইছে। পূৰবী ফ্ৰেছ ক্ৰীমতো ১০% বৃদ্ধি দেখা গৈছে। মন কৰিবলগীয়া যে, বিগত বৰ্ষৰ মাঘ বিহুৰ তুলনাত এই বৰ্ষত পূৰবীৰ পেকেট দৈৰ বিক্ৰী ১১২% বৃদ্ধিৰে দুগুণ বৃদ্ধি পাইছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা ধৰণে ৰাজ্যৰ কৃষকসকলক দুগ্ধ উৎপাদনৰ জৰিয়তে ‘আত্মনিৰ্ভৰ’ হ’বলৈ সক্ষম কৰাৰ ক্ষেত্ৰত, জনপ্ৰিয় পূৰবী ডেইৰী ওৰফে ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্চ কোপাৰেটিভ লিমিটেডে (WAMUL) আগভাগ লৈছে।“বিক্ৰীৰ পৰিসংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাটো ৰাজ্যৰ দুগ্ধ উৎপাদকসকলৰ বাবে এক ইতিবাচক সাফল্য। আমাৰ গ্ৰাহকৰ এই অবিৰত প্ৰেমে আমাক সমগ্ৰ অসমৰ দুগ্ধ উৎপাদকসকলক এক বৰ্ধিত ৰাজহ আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাত সহায় কৰে।’’ মুখপাত্ৰগৰাকীয়ে লগতে কয়।যোৱা মাহত পূৰবী ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰিছিল যাৰ ফলত পূৰবী ডেইৰীৰ সৈতে জড়িত অসমৰ প্ৰায় ২৫ হাজাৰ দুগ্ধ উৎপাদক উপকৃত হৈছে। অসমৰ দুগ্ধ বজাৰত শক্তিশালী উপস্থিতিৰে পূৰবী ডেইৰীয়ে বিভিন্ন পদক্ষেপৰ জৰিয়তে অসমৰ দুগ্ধ উৎপাদকৰ শক্তিশালী গোটটোক বিভিন্ন ক্ষেত্ৰত নিৰন্তৰভাৱে সহায় কৰিবলৈ সক্ষম হৈছে।
Post Top Ad
Responsive Ads Here
Wednesday, 18 January 2023

Home
গুৱাহাটী
এইবাৰ মাঘ বিহুত পূৰবী গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীয়ে ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ
এইবাৰ মাঘ বিহুত পূৰবী গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীয়ে ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment