W7s news,,,গুৱাহাটী: দেশৰ আগশাৰীৰ স্মাৰ্টফোন নির্মাতা অ’প্পোৱে সকলো গ্ৰাহকৰ বাবে নতুন অপ্পো এ৭৮ ৫জি মোবাইল মুকলি কৰি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়। মহানগৰীৰ জি এছ ৰোডৰ চিটি চেন্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব'ৰূমত আজি অপ্পো এ৭৮ ৫জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী ৰাজশ্ৰী দাসে। আজিৰ অনুষ্ঠানত অপ্পোৰ মণ্ডল বিক্রি প্রবন্ধক আনিশুজ জামান, এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীকে আদি কৰি অপ্পোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্রী ৰাজশ্ৰী দাসে কয় যে অপ্পো সদায়ে স্মার্ট ফোন আৰু আইঅ'টি সামগ্ৰীৰ আটাইতকৈ প্রিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। অপ্পো স্মার্ট ফোন বিক্ৰীৰ দিশত এক শীর্ষ স্থান দখল কৰিছে। অপ্পো এ৭৮ ৫জি অলট্ৰা শ্লীম গ্লো ডিজাইনৰ সৈতে গ্লোৱিং ব্লু আৰু গ্লোৱিং ব্লাকত উপলব্ধ হৈছে। দুয়েল ষ্টৰিও স্পিকাৰৰ সৈতে অলট্ৰা ভলীউম মুড আৰু ৫০ এম এল কেমেৰা,১৬ জিবি ৰেমত উপলব্ধ হৈছে এ৭৮ ৫জি স্মাৰ্ট ফোন। লগতে ৫০০০ এম এ এইচ বেটাৰিৰ সৈতে ৩৩ডব্লিউ ছুপাৰ ভিঅ'অ'চি সংলগ্ন কৰি যুৱক আৰু মহিলাসকলৰ বাবে সঠিক সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হৈছে এই স্মার্ট ফোনটো। অসম আৰু উত্তৰ-পূবৰ লোকসকলে স্মার্ট ফোনটো আকোৱালি ল'ব বুলি আশা প্রকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত বক্তব্য ৰাখি মণ্ডল বিক্ৰী প্ৰবন্ধক অনিশুজ জামানে কয় যে এ৭৮ স্মাৰ্ট ফোন প্ৰথমটো এ ছিৰিজৰ ৫জি আৰু এ শৃংখলাৰ সৈতে সকলো ধৰণৰ উন্নত ডিজাইন আৰু প্ৰযুক্তি প্ৰদান কৰা হৈছে। এফ৭৮ ৫জি স্মাৰ্ট ফোনৰ বেটাৰীৰ ক্ষমতা ইমানেই শক্তিশালী যে ১৫ মিনিট চার্জ কৰি একে ৰাহে ৪ঘণ্টা ভিডিও ৰেকৰ্ডিং কৰিব পাৰি। এ৭৮স্মাৰ্ট ফোন মোবাইল ১৮,৯৯৯ টকাৰ পৰা আৰম্ভণি হৈছে। শ্ব’কমটোৰ এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে লগতে কয় যে এফ৭৮ ৫জি ক্ৰয় কৰা গ্ৰাহকে ১০শতাংশ লৈকে কেছবেক লাভ কৰিব লগতে আগশাৰীৰ আইটিআইডিআই, কোটাক আৰু অন্যান্য বেংকৰ পৰা অতি সহজে ছমাহ লৈকে ইএমআইৰ সুবিধ লাভ কৰিব।
Post Top Ad
Responsive Ads Here
Wednesday, 18 January 2023

Tags
# -ব্যৱসায়-বাণিজ্য
# গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
Labels:
-ব্যৱসায়-বাণিজ্য,
গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment