এইচ ডি এফ চি বেংকৰ তৃতীয় ত্রিমাসিকৰ ফলাফল ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 January 2023

এইচ ডি এফ চি বেংকৰ তৃতীয় ত্রিমাসিকৰ ফলাফল ঘোষণা

  


W7s news,,,,গুৱাহাটী,:  ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক প্রতিষ্ঠান এইচ ডি এফ চি বেংকে প্রকাশ কৰিলে তৃতীয় ত্রিমাসিক বিত্তীয় ফলাফল। যোৱা ৩১ ডিচেম্বৰত সমাপ্ত হোৱা ২০২২ ৰ তৃতীয়টো ত্রিমাসিকত বেংক প্রতিষ্ঠানটোৱে লাভ ১৮.৫ শতাংশ বৃদ্ধিৰে ১২,২৫৯ কোটি টকা হয়। এবছৰ পূৰ্বে এই সময়ছোৱাত বেংক প্ৰতিষ্ঠানটোৰ মুঠ লাভৰ পৰিমাণ আছিল ১০,৩৪২ কোটি টকা। তদুপৰি তৃতীয়টো ত্রিমাসিকত সুদৰ হাৰৰ জৰিয়তে কৰা উপার্জন ২৫ শতাংশ বৃদ্ধিৰে ২২,৯৮৭.৮ কোটি টকা হয়। এই সময়ছোৱাত এইচ ডি এফ চি বেংকৰ মুঠ ৰাজহৰ পৰিমাণ ১৮.৩ শতাংশ বৃদ্ধিৰে ৩১,৪৮৭.৭ কোটি টকা হয়। অৱশ্যে তৃতীয়টো ত্রিমাসিকত বেংক প্রতিষ্ঠানটোৰ পৰিচালন ব্যয় ২৬.৫ শতাংশ বৃদ্ধি পায়। উল্লেখনীয় যে এন পি এৰ হাৰ ১.২৩ শতাংশ অপৰিবৰ্তিত হৈ আছে। ইপিনে খুচুৰা ঋণৰ হাৰ ২১.৪ শতাংশ বৃদ্ধি হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here