এমৱাইএম গুৱাহাটীৰ উদ্যোগত এনইপিএল চিজন- ৬ আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 January 2023

এমৱাইএম গুৱাহাটীৰ উদ্যোগত এনইপিএল চিজন- ৬ আৰম্ভ


 


W7s news,,গুৱাহাটী, : মাৰোৱাৰী যুৱ মঞ্চ চমুকৈ এমৱাইএমৰ গুৱাহাটী শাখাৰ উদ্যোগত ‘শিক্ষাৰ বাবে ক্রীড়া’শীৰ্ষক কাৰ্যসূচীৰ অধীনত বহু প্রতীক্ষিত নৰ্থ ইষ্ট প্রিমিয়াৰ লীগ (এনইপিএল) ছিজন-৬ ক্রিকেট প্রতিযোগিতা বৃহস্পতিবাৰৰ পৰা লতাশিল খেল পথাৰত আৰম্ভ হয়। এনইপিএল চিজন-৬ৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা, বিওফিট জিমৰ অমিত জৈন, এনইপিএল পৰিচালনা পৰিষদৰ সদস্য ৰমেশ চান্দক, পূর্বত্তৰ প্ৰদেশীয়া মাৰোৱাৰী যুৱ মঞ্চ প্রবিনচিয়েলৰ সভাপতি হিমশিখৰ খাণ্ডেলিয়া, ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাজীৱ চান্দকে প্রতিযোগীতাৰ ট্ৰফীসমূহ উন্মোচন কৰে। শাখাৰ সভাপতি সুৰজ জৈনে সকলোকে আদৰণি জনায়। এনইপিএল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো দলৰ খেলুৱৈসকলক এনইপিএল- ৬-ৰ আহ্বায়ক মিতেশ সুৰানাই আদৰণি জনায়। দল কেইটা ক্ৰমে ৰীতেশ খাতেৰ আৰু প্ৰশান্ত বুটচাৰ 'ব্লেজিং বুলছ', আলোক সোনথালিয়াৰ ‘বালাজী ৰয়েলছ'ৰ, পুনীত চেঠীৰ 'ডিআৰএম লেজেণ্ডছ', অমিত জৈনৰ 'মেভেৰিক্স, সুমিত আগৰৱালাৰ, মনোজ কয়াল, বিনীত চোপদাৰৰ ‘ফালকনছ’, লোকেশ বণ্ড, ৰমেশ পাৰেকৰ ‘নেমেৰী টাইগাছ’ আৰু ৰাকেশ জৈনৰ 'ৰেঞ্জাৰছ, কুশল আগৰৱালাৰ ‘ব্লেক টাইগাৰ্ছৰ, বিকাশ আগৰৱাল আৰু অভিশেষ জৈনৰ, ‘ক্লাউড ৭ এভেঞ্জাৰ’, মানচ জৈনৰ ‘শ্বাহি ৱাৰিয়ৰ্ছৰ, চিৰিশ জৈনৰ ‘ৰাজ বাজাজ'ৰ দলটোৰ সকলোকে আদৰণি জনোৱা হয়। শাখাৰ সম্পাদক বিনয় কাংকৰিয়াই কয় যে এনইপিএল চিজন-৬ অহা ১১ জানুৱাৰীত সমাপ্ত হ'ব। উক্ত দিনা বঁটা বিতৰণ কৰা হ'ব। তেওঁ আৰু কয় যে যোৱা পাঁচ বছৰৰ পৰা আমি বংচোৰত আমাৰ গৃহীত বিদ্যালয়ৰ আন্তঃগাঁথনি বিকাশৰ বাবে আমাৰ সামাজিক উদ্দেশ্যৰ বাবে এনইপিএল ৰ আয়োজন কৰি আহিছো। যিটো আমাৰ মুখ্য টেগলাইন ‘শিক্ষাৰ বাবে ক্রীড়া’। এই উপলক্ষে ৰাষ্ট্ৰীয় উপ-সভাপতি ৰাজীৱ চান্দক, ৰাজ্যিক কোষাধ্যক্ষ সুভাষ সুৰানা, প্ৰাক্তন সভাপতি ৰাহুল শর্মা, প্ৰাক্তন সভাপতি মোহিত মালু, গুৱাহাটী গ্ৰেটাৰ ব্ৰাঞ্চ সভাপতি পংকজ ভূৰা, গুৱাহাটী শ্বেৰোজ শাখাৰ সভাপতি জ্যোতি দাগা, গুৱাহাটী পেছাদাৰী শাখাৰ সভাপতি চেতন গাংৱাল, গুৱাহাটী বেলতলা শাখাৰ সভাপতি সন্দীপ পোদ্দাৰৰ লগতে এমৱাইএম শাখাৰ সকলো বিষয়া উপস্থিত থাকে। শাখা জনসম্পর্ককাৰী বিষয়া আকাশ শর্মাই কয় যে এমরাইএম গুৱাহাটী শাখাৰ সকলো সদস্যই এই এনইপিএল চিজন ৬ সফলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here