গুৱাহাট : বিশিষ্ট শিক্ষাবিদ ,চিন্তাশীল লেখক ডঃ ধৰণীধৰ গোস্বামীৰ নৱতম দুখন গ্ৰন্থ ক্ৰমে উপন্যাস 'মৎস্যুদৰী' আৰু প্ৰবন্ধ সংকলন 'খ্যাতিৰ যন্ত্ৰণা' শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাবত উন্মোচন কৰা হয় ।প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱেশ্বৰ মালাকাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত 'মৎস্যুদৰী' গ্ৰন্থখন উন্মোচন কৰি কথাশিল্পী ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু ''খ্যাতিৰ যন্ত্ৰণা' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ময়ূৰ বৰাই শুভেচ্ছামূলক ভাষণ দিয়ে ।
লেখকৰ ভাষণত ডঃ ধৰণীধৰ গোস্বামীয়ে গ্ৰন্থদুখনৰ সৃষ্টিৰ আঁৰৰ কথা উল্লেখ কৰে । লগতে তেওঁ গ্ৰন্থদুখনৰ সৃষ্টিত যিসকল লোকৰ সহযোগিতা লাভ কৰিছে সেইসকল লোকক কৃতজ্ঞতা জ্ঞাপন কৰে । শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই আঁত ধৰে সভাখনৰ আৰম্ভণিতে কণ্ঠশিল্পী উদ্ধৱ ঠাকুৰীয়াই এটি গীত পৰিবেশন কৰে । গাম্ভীৰ্যপূৰ্ণ সভাখনত প্ৰাক্তন প্ৰশাসনিক বিষয়া নবাব মাহমুদ হুছেইন , প্ৰকাশক ৰবীন্দ্ৰ নাথ শৰ্মাৰ লগতে বহু গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে ।
No comments:
Post a Comment