W7s news,,গুৱাহাটী, অসমৰ চহকী আৰু বাৰেৰহনীয়া সংস্কৃতিৰ লগত ছাত্ৰ-ছাত্ৰী সকলক পৰিচয় কৰোৱাই , আমাৰ বাপতিসহোন বিহুটিৰ বিষয়ে ছাত্ৰ ছাত্ৰক সম্যক জ্ঞান প্ৰদানৰ উদ্দেশ্যে দেশৰ অন্যতম প্ৰধান শিক্ষানুষ্ঠান মডাৰ্ণ ইংলিছ স্কুলে (এম ই এছ) উলহ মালহেৰে পৰম্পৰাগত ভাৱে বিহুৰ ঐতিহ্য বৰ্তাই ৰাখি বিদ্যালয় প্ৰাংগনত প্ৰাক-মাঘ বিহুৰ উদযাপন কৰে।এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলোৱেও ব্যাপক ভাৱে সঁহাৰি জনাই অংশগ্ৰহণৰ কৰে। পৰম্পৰাগত নৃত্য-গীতৰ লগতে অনুষ্ঠানৰ শেষত ভেলা ঘৰ জ্বলোৱা হয়।মেজি অথবা ভেলা ঘৰ মাঘ বিহু উদযাপনৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াক পুৰণিৰ সমাপ্তি আৰু নতুনৰ আৰম্ভণিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আগন্তুক বছৰলৈ নতুনত্ব আৰু আশাৰ ৰেঙনি কঢ়িয়াই আনে বুলি অসমীয়া জাতিয়ে বিশ্বাস কৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে যৌথভাৱে ভেলা ঘৰ নিৰ্মাণ কৰি বিদ্যালয়খনত একতা আৰু সামূহিক দায়িত্ব জ্ঞানৰ নিদৰ্শন দাঙি ধৰে।ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে ভেলা ঘৰ জ্বলাই সকলো অপায়-অমংগলক বিদাই দি অতি আনন্দ উল্লাসেৰে বিহু গীত গাই, নাচি- বাগি নতুনক আদৰিবলৈ সাজু হৈছে।এম ই এছে সদায় ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু শিশুসকলক সদায়ে তেওঁলোকৰ নিজ ভূমি আৰু সংস্কৃতিৰ শিপাৰ সৈতে বান্ধি ৰাখিবলৈ অহোপুৰষাৰ্থ কৰি আহিছে।
Post Top Ad
Responsive Ads Here
Friday, 13 January 2023

Home
গুৱাহাটী
গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত অতি উলাহ - উদ্দীপনাৰে প্ৰাক-মাঘ বিহু উদযাপন ।
গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত অতি উলাহ - উদ্দীপনাৰে প্ৰাক-মাঘ বিহু উদযাপন ।
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment