সৈনিক ভৱনত সশস্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 January 2023

সৈনিক ভৱনত সশস্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন

 

W7s news গুৱাহাটী : দেশৰ আন ৰাজ্যৰ লগতে অসমতো স্বাধীন ভাৰতৰ  সেনা বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক , ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ ১৯৫৩ চনৰ ১৪ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা দিনটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিতনগৰস্থিত সৈনিক ভৱনৰ সভাগৃহত ১৪ জানুৱাৰীত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ,  বিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) দীনেশ চন্দ্ৰ মজুমদাৰে সঞ্চালনা কৰা সভাখনত দুগৰাকী  অৱসৰপ্ৰাপ্ত সৈনিকৰ সহধৰ্মিনী , বীৰ নাৰীক সম্বৰ্ধনা জনোৱা হয় । সভাত  ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী , ৰাজ্যৰ  প্ৰাক্তন সৈনিক কল্যাণ সঞ্চালক আৰু অখিল ভাৰতীয় ভূতপূর্ব সৈনিক সেৱা পৰিষদৰ,উত্তৰ পূৱৰ আহ্বায়ক , 


(অৱসৰপ্ৰাপ্ত) কমলেশ চন্দ্ৰ চৌধুৰী , কামৰূপ জিলা সৈনিক কল্যাণ বিষয়া,  গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) কনক কলিতা , গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) দেবানন্দ গোহাঁই , অৱসৰপ্ৰাপ্ত কৰ্ণেলদ্বয় পংকজ ৰাজখোৱা আৰু দীপক চক্ৰৱৰ্তীকে ধৰি ভাৰতীয় সেনা , নৌ সেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । সভাত উপস্থিত কেবাজনেও ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ দেশপ্ৰেম , সাঁহস আৰু ভাৰতীয় সেনা বাহিনীক পুনৰ গঠনৰ বাবে কৰা ত্যাগৰ ওপৰত আলোকপাত কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here