জনসমুদ্ৰত পৰিনত অসম গ্ৰন্থমেলা, গুৱাহাটী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 January 2023

জনসমুদ্ৰত পৰিনত অসম গ্ৰন্থমেলা, গুৱাহাটী







#বিশাল জনসমাৱেশ প্ৰত্যক্ষ কৰি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল#


#“ শিশুৰ দিন”ত কণ-মইনাৰ কলৰৱত মুখৰিত চানমাৰি বাকৰি#


# ১১ দিনত ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী#


#সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচী#



গুৱাহাটী,৮ জানুৱাৰীঃ আজি একাদশ দিনা জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি কৰে ৷ ইপিনে “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত মুখৰিত হৈ পৰে গ্ৰন্থমেলা ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে ৷ অসম প্ৰকাশন পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় ---“গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আাশাব্যঞ্জক ৷ শিশুৰ প্ৰতিভা বিকাশ আৰু সেই প্ৰতিভাক এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয় ৷ কাৰণ শিশু সকলেই দেশৰ ভৱিষ্যত ৷অসম প্ৰকাশন পৰিষদে এই কাম কৰি শিশুসকলক উৎসাহ যোগাইছে ৷” শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয়  আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ সাধু কোৱা প্ৰতিযোগিতাত “ক” শাখাত অভিৰূপ আকাশ শাণ্ডিল্য , স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য , শিপা ভৰদ্বাজে যুটীয়ভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰিছে ৷“খ” শাখাত বাব্‌লী সূত্ৰধাৰ , স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱৰ্ত্তই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদগনি বঁটা লাভ কৰিছে ৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত “ক” শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পূৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত বাব্‌লী সূত্ৰধৰে প্ৰথম , জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুুতি বৰা, প্ৰজ্বলিতা বড়া , স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত “ক” শাখাত পূবাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শখাত ৰাঘৱী দত্তই প্ৰথম , ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য , নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিছে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত তৃষা দেৱীয়ে প্ৰথম , ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদগনি বঁটা লাভ কৰিছে ৷

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷

           উল্লেখ্য যে বিদ্বৎ সমাজ , সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে ইয়াত অংশগ্ৰহণ কৰা আন আন প্ৰকাশন গোষ্ঠী সমূহে ৷ আজি একাদশ দিনালৈ ৫কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷


#গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল#


আজি সন্ধিয়া গ্ৰন্থমেলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাত জনসমুদ্ৰ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয়---“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰশ বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰান্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে ৷ অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব , ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক ৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো  অত্যন্ত উৎসাহজনক ৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্ত্তা ৷ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব ৷” তেওঁ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “নৱকান্ত বৰুৱা ৰচনাৱলী” আৰু “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী ” ক্ৰয় কৰে ৷ সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে সোণোৱালক ৷



#নতুন গ্ৰন্থ সম্ভাৰ# বহুল চৰ্চিত “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১” # অঞ্জনা জৈনৰ “মনমন্থন” উন্মোচিত#


এইবেলি অসম প্ৰকাশন পৰিষদে ৩৮খন নতুন গ্ৰন্থ প্ৰকাশৰ লগতে ৫২খন আপুৰুগীয়া গ্ৰন্থ পুনৰ মুদ্ৰণ কৰিছে ৷ মুঠতে ৯০খন গুৰত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে পৰিষদে৷ এই ন-পুৰণি গ্ৰন্থসমূহ পঢ়ুৱৈ সমাজে আদৰি লোৱা বুলি পৰিষদৰ তৰফৰ পৰা জনাইছে ৷ ইপিনে  সৰস্বতী প্ৰিন্টাৰ্ছ এণ্ড প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১” পঢ়ুৱৈৰ  সমাজত সমাদৃত হৈছে ৷ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰন্থখন সকলো বয়সৰ পাঠকে বিচৰা বুলি জনাইছে সৰস্বতী প্ৰিন্টাৰ্ছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি উন্মোচিত হয় অঞ্জনা জৈনে ৰাষ্ট্ৰ ভাষা  হিন্দীত ৰচনা কৰা “মনমন্থন” শীৰ্ষক গ্ৰন্থখন ৷ গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই ৷সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° অশোক পান্‌চাৰি , প্ৰাগ্‌ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ , অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আদিকে ধৰি কেবাগৰাকী  বিশিষ্ট ব্যক্তি ৷ ইপিনে গ্ৰন্থমেলাৰ “স্মৃতিগ্ৰন্থ” উন্মোচন কৰে বিশিষ্ট সাংবাদিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই ৷ স্মৃতিগ্ৰন্থৰ মূখ্য সম্পাদক হৈছে মিহিৰ দেউৰী আৰু সম্পাদকদ্বয় হৈছে দেৱজিৎ বৰা, গৌতম বৰ্মন ৷ গ্ৰন্থমেলাত উপলব্ধ হৈছে আন আন প্ৰকাশন গোষ্ঠীৰো নতুন নতুন গ্ৰন্থ ৷তদুপৰি অসম বুক হাইভে প্ৰকাশ কৰা  নাং অজন্তা বুঢ়াগোহাঞিৰ উপন্যাস “লা-চিত” আৰু লতা মংগেশকাৰৰ জীৱনৰ আধাৰত দেৱজিৎ ভূঞাই ৰচনা কৰা “অসমী আইলৈ প্ৰণাম” গ্ৰন্থ দুখনৰ দ্বিতীয় সংস্কৰণ উপলব্ধ হৈছে ৷অসম পাব্‌লিচিং কোম্পানী”য়ে প্ৰকাশ কৰা তিনিখন বিশ্ববিখ্যাত গ্ৰন্থৰ অসমীয়া অনুবাদ সংস্কৰণো পাঠকৰ মাজত চৰ্চিত হৈছে ৷  গ্ৰন্থকেইখন হৈছে “বেষ্ট অৱ বুকাৰ/বুকাৰ অৱ বুকাৰছ” পুৰষ্কাৰেৰে সন্মানিত ছালমান ৰুশ্বডিৰ “মিডনাইটছ চিলড্ৰেন”ৰ প্ৰশান্ত দত্তই কৰা অসমীয়া অনুবাদ সংস্কৰণ , ন’বেল বঁটা প্ৰাপ্ত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ “তৰ্কপ্ৰিয় ভাৰতীয়”ৰ ড° হেমন্ত ডেকাই কৰা অসমীয়া অনুবাদ সংস্কৰণ আৰু শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী “প্লেয়িং ইট মাই ৱে”ৰ “শচীন তেণ্ডুলকাৰঃ সপোনৰ পম খেদি” শিৰোনামেৰে বৰীয়া মজুমদাৰৰ সৈতে অশ্বিনী বেজবৰুৱাই কৰা অসমীয়া অনুবাদ সংস্কৰণ ৷ অসম পাব্‌লিচিং কোম্পানীয়ে গুলজাৰৰ স্মৃতিকথাৰ নম্ৰতা দত্তই কৰা অনুবাদ “স্মৃতিৰ মানুহবোৰ” উপলব্ধ হৈছে গ্ৰন্থমেলাত ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here