বিজয়ী ট্ৰফী প্রদান ৰাজ্যসভাৰ সাংসদ পাবিত্ৰ মাৰ্ঘেৰিতাৰ
W7s news,,গুৱাহাটী : বিদ্যালয়সমূহত শিক্ষাৰ প্ৰচাৰৰ বাবে মাৰোৱাৰী যুৱ মঞ্চ চমুকৈ এমৱাইএম গুৱাহাটী শাখাই যোৱা ৫ বছৰৰ পৰা নৰ্থ ইষ্ট প্রিমিয়ার লীগ এনইপিএলৰ আয়োজন কৰি আহিছে। এই বছৰো এমৱাইএম গুৱাহাটী শাখাই ‘শিক্ষাৰ বাবে খেল' শীর্ষক গানেৰে মহানগৰৰ লতাশিল খেল পথাৰত যোৱা ৫ জানুৱাৰীৰ পৰা আয়োজন কৰা এন ই পি এল চিজন ৬ যোৱা ১১ জানুৱাৰীত সফল ভাবে সামৰণি পৰে। এনইপিএল চিজন ৬ ৰ চূড়ান্ত খেলখন লাটাশিলত নামেৰী টাইগাৰ আৰু ব্লেজিং বুলছৰ মাজত অনুষ্ঠিত হয়। নেমেৰী টাইগাবে প্রথমে বেটিং কৰি ১৬ অভাবৰ মেচত ২০৫৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ব্রেজিং বুলছে প্ৰত্যুত্তৰত মাত্র ১৫.৫ অভাৰত ৩ উইকেটত ২০৬ ৰান কৰি বিজয়ৰ মুকুট দখল কৰে খেল সমাপ্তিৰ পিছত অনুষ্ঠিত বঁটা বিতৰণি কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজ কুমাৰ শৰ্মা, আৰপিএফৰ সহকাৰী আয়ুক্ত বাকেশ শৰ্মা, বায়োফিট জিমৰ সঞ্চালক অমিত জৈন, মেঘা জৈন, পিপিএমৱাই এমৰ সভাপতি হিমচিখৰ খাগুেলিয়া, সাধাৰণ সম্পাদক ৰাজচৌধুৰী, স্পাইচজেটৰ ৰাহুল গুপ্তা জেৰিচো কেমিকেলছৰ মীনু সিংঘি সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে। এনইপিএল ছিজন ৬ ৰ অধ্যক্ষ মিতেশ সুবানাই মাত্র ১৯ টা বলত ৫টা ছয় আৰু এটা চাৰিৰে সৰ্বমুঠ ৪০ ৰাণৰ বিশাল ইনিংজ খেলা ব্লেজিং বুলছৰ ৰোহন কুণ্ডালিয়াক মেন অফ দ্য মেচৰ বঁটা প্ৰদান কৰে। ব্লেজিং বুলছৰ কেতন কুণ্ডালিয়াক টুর্ণামেণ্টৰ শ্ৰেষ্ঠ বেটছমেনৰ বঁটা প্ৰদান কৰাৰ লগতে শ্রেষ্ঠ বলাৰ বিজয় চাৱাৰিয়া আৰু ডিআরএম লেজেণ্ডছৰ বিকাশ শাহক শ্রেষ্ঠ ফিল্ডাৰ বঁটা প্ৰদান কৰা হয়। শাহী ৱাৰিয়াছ দলে লাভ কৰে শ্ৰেষ্ঠ ফেয়াৰ প্লে বঁটা। শেষত সাংসদ পাবিত্র মাৰ্ঘেৰিটাই শ্রীঞ্জলি, বেকন লাইটিং আৰু জেৰিকো কেমিকেলছৰ উপহাৰ হেম্পাৰৰ লগতে বিজয়ী দল ব্লেজিং বুলছক বিজয় ট্ৰফী প্রদান করে। এমৱাইএম গুৱাহাটী শাখাৰ সভাপতি সুৰজ জৈনে এনইপিএল ছিজন ৬ ৰ চূড়ান্ত খেলৰ পূৰ্বে হোৱাইট গোল্ড আৰু ব্লেক ডায়মণ্ডৰ মাজত এখন বন্ধুত্বপূৰ্ণ মহিলা দলৰ খেল অনুষ্ঠিত হয়। মহিলাৰ বন্ধুত্ব মূলক খেল খনত ব্লেক ডায়মণ্ডে বিজয় সাব্যস্ত কৰে। সচিব বিনয় কাংকৰিয়া আৰু কোষাধ্যক্ষ সুমিত ভাঞ্চালীয়ে মাৰোৱাৰী যুৱ মঞ্চৰ বিভিন্ন শাখাৰ সকলো খেলুৱৈ, দলৰ স্বত্বাধিকাৰী, পৃষ্ঠপোষক আৰু সদস্যসকলক খেলখনত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। পিআৰঅ' আকাশ শর্মাই কয় যে এমবাইএম গুৱাহাটী আৰু এনইপিএলৰ কোৰ কমিটিৰ সকলো সদস্যই এই বৃহৎ ক্রিকেট প্রতিযোগিতাখনক এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে।
No comments:
Post a Comment