প্রাগজ্যোতিষ প্রকাশন ট্ৰাষ্টৰ প্ৰতিযোগিতা সম্পন্ন বিভিন্ন প্রতিযোগিতাৰ ফলাফল ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 January 2023

প্রাগজ্যোতিষ প্রকাশন ট্ৰাষ্টৰ প্ৰতিযোগিতা সম্পন্ন বিভিন্ন প্রতিযোগিতাৰ ফলাফল ঘোষণা

 





W7s news  গুৱাহাটী: গুৱাহাটীৰ বামুনীমৈদামস্থিত প্রাগজ্যোতিষ প্রকাশন ট্রাষ্টে প্রতিবছৰে অনুষ্ঠিত কৰি অহা সাহিত্য, গীতাশ্লোক, কুইজ, বাগ্মিতা আৰু চিত্রাংকন প্রতিযোগিতা এইবেলিও দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে ভি আই পি ৰোডৰ বৰবাৰীস্থিত সুদর্শনালয়ত অনুষ্ঠিত হৈ যায়। এই উদ্দেশ্যে আয়োজিত  উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত এডিজিপি ফটিকাদত্ত গোস্বামী, প্রাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ সম্পাদক শশীপ্ৰভা দাস, ট্রাষ্টৰ সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন আইন উপদেষ্টা শান্তনু ভৰালী, ট্ৰাষ্টৰ সম্পাদক তথা ৰাষ্ট্রীয় স্বয়ংসেবক সংঘৰ উত্তৰ অসম প্রাস্তব প্রাপ্ত কাৰ্যবাহ খগেন শ‍ইকীয়া, গিৰিজানন্দ ইনস্টিটিউট অৱ টেকন'লজিৰ পঞ্জীয়ক থুলেশ্বৰ নাথ, অধিবক্তা সত‍্যধৰ মটক, ট্রাষ্টৰ সদস্য মনিপতি শর্মা, ঘনশ্যাম শ‍ইকীয়া আনিয়ে। শংকৰদেৱ শিশুকুঞ্জৰ আচাৰ্যা কমলা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে মংগলাচৰণ পৰিবেশন কৰে কৌণিক শৰ্মা আৰু গীতার্থ চক্রৱর্তীয়ে। বস্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাৰ কাৰ্যক্ৰমণিকাসমূহ শুভাৰম্ভ কৰা হয়৷ ট্ৰাষ্টৰ সভাপতি শান্তনু ভৰালীয়ে প্রাস্তরিক ভাষণ প্ৰদান কৰাৰ পাছতে থুলেশ্বৰ নামে প্রতিযোগিতাসমূহ উদ্বোধন কৰি মূলতঃ গীতাৰ শ্লোক আৰু মাহাত্ম্যৰ বিষয়ে চমু বক্তব্য ৰাখে। ইয়াৰ পাছতে প্রতিযোগিতাসমূহৰ নিয়মাবলী ঘোষণা কৰে সম্পাদক খগেন শ‍ইকীয়াই। প্রায় ৪০০ ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাস্থলীত অংশগ্ৰহণকাৰী দৰ্শনাৰ্থীৰ লোকে লোকাৰণ্য হৈ পৰে। ইয়াৰ পাছতে ট্ৰাষ্টৰ সদস্য মনিপতি শৰ্মাৰ পৌৰোহিত্যত সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাপতিৰ মন্তব্যৰ পাছতে শলাগৰ শৰাই আগবঢ়াই ভাল কৰা হয়। আনহাতে প্ৰতিযোগিতাৰ ফলাফলসমূহ

হৈছে ক্ৰমে

প্রবন্ধ – (ক) শাখা— বাস্তব দাস, অসম জাতীয় বিদ্যালয় (প্রথম), বিদিশা ভট্টাচার্য, পঞ্চদ্বীপ জাতীয় বিদ্যালয়। (দ্বিতীয়), জন্মিতা দাস, পঞ্চদ্বীপ জাতীয় বিদ্যালয় (তৃতীয়)।

(খ) শাখা • বিবেক কাশ্যপ, স্পেকটাম গুরুকুল নলবাৰী (প্রথম), ৰশ্মিতা হীরা, শৰাইঘাট হাইস্কুল (দ্বিতীয়),

আৰু মনস্বিনী ঈশানী গৌতম, মহর্ষি বিদ্যা মন্দিৰ (তৃতীয়)। গল্প – (ক) শাখা – জ্যোতিপ্রিয়া লহকৰ (প্ৰথম), ছন্দামিতা দাস (দ্বিতীয়) আৰু প্ৰজ্ঞান কাশ্যপ (তৃতীয়)। (খ) শাখা- * শ্রেয়া শর্মা (প্রথম), প্রণামী কাকতি (দ্বিতীয়) আৰু বৰ্ষানী ডেকা (তৃতীয়)।

- (খ) শাখা – পাৰমিতা বৰকাকতি (প্রথম), হিয়া ডেকা (দ্বিতীয়) আৰু অনুপম শৰ্মা পণ্ডিত (তৃতীয়)। (গ) শাখা – প্রেয়সী গোস্বামী (প্রথম), নম্রতা আচার্য (দ্বিতীয়) আৰু নিয়া মেধি (তৃতীয়)।

কবিতা- (ক) শাখা — বিকাশ ডেকা (প্রথম), জ্যোতিপ্রিয়া লহকৰ (দ্বিতীয়) আৰু কৌস্তভমনি দাস ( (খ) শাখা - জন্ম জিজ্ঞাস বৰদলৈ (প্রথম), মনস্তিনী ঈশানী গৌতম (দ্বিতীয়) আৰু পুজাৰাণী কলিতা (তৃতী

গীতাশ্লোক- (ক) শাখা— প্রিয়াংশু পৰশ গোস্বামী (প্রথম), হিমতৃষ্ণা ডেকা (দ্বিতীয়) আৰু ভাষা কাশ্যপ (তৃতীয়)

কুইজ প্রতিযোগিতাত (প্রথম) 'চ' গ্রুপ – আকাংক্ষা অনুভূতি বৰ্মন আৰু ছন্দামিতা দাস। (দ্বিতীয়) গ্রুপ বিকাশ মজুমদাৰ আৰু ৰক্তিম তালুকদার। (তৃতীয়) 'ক' গ্রুপ – ৰক্তিম অভিনন্দন বৰ্মন আৰু জ্যোতিদীপা পৰাশৰ।

(তৃতীয়) 'জ' গ্রুপ— কাংক্ষিতা শৰ্মা আৰু প্ৰেয়সী গোস্বামী।

বাগ্মিতা প্রতিযোগিতাৰ প্ৰথম জাহ্নবী শৰ্মা, কে ভি, খানাপাৰা

দ্বিতীয় – বিতোপন তামুলী, শংকৰদেৱ শিশু নিকেতন, জোনালী

তৃতীয় – গায়ত্ৰী বেজবৰুৱা, শংকৰদেৱ শিশু নিকেতন, হেঙেৰাবাৰী আৰু নিচুকনি বঁটা লাভ কৰিছে চন্দামিতা দাস, গুৱাহাটী পাত্রিক স্কুল।

চিত্রাংকন প্রতিযোগিতাৰ 'ক' শাখাত প্রথম বাস্তব দাস, অসম জাতীয় বিদ্যালয়।

দ্বিতীয় – আর্দেশা দত্ত, হেইন্ট মেরিজ, তৃতীয় – অক্ষিকা ভূঞা, কেন্দ্রীয় বিদ্যালয়, খানাপাৰা।

'খ' শাখাত- কাশ্যপ, গুৰুকুল গ্ৰামাৰ প্রথম প্রতি সিংহ, গুৱাহাটী পাব্লিক স্কুল, দ্বিতীয় - সাগৰিকা শৰণীয়া, গুৱাহাটী পাব্লিক স্কুল আৰু তৃতীয় হিমাংশু 'গ' শাখা - প্রথম- হিমশিখৰ দাস, বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়, দ্বিতীয় হিমাংশু ৰয়, গুৱাহাটী পাব্লিক স্কুল আৰু তৃতীয়-জীমনি

তালুকদাৰ, শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here