গ্ৰন্থৰ বতৰত গ্ৰন্থৰ বতৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 31 December 2022

গ্ৰন্থৰ বতৰত গ্ৰন্থৰ বতৰা

 


W7s news গুৱাহাটী:-


অসমৰ চৌদিশে এতিয়া গ্ৰন্থৰ সুবাস। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীস্থ চানমাৰিত আয়োজিত অসম গ্ৰন্থ মহোৎসৱৰ সময়তে গুৱাহাটীস্থ বিষ্ণু নিৰ্মলা ভৱনত কালি উন্মোচন হয় অংকুৰণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ৫ খনকৈ গ্ৰন্থ। উন্মোচিত গ্ৰন্থ কেইখন হৈছে বীৰঝৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দীনেশ ডেকাৰ গীতৰ সংকলন ‘সংগীত কানন’, শদিয়াৰ লেখক গোপাল হাজৰিকাৰ #জ্ঞান-তত্ত্ব মাধুৰী', বীৰঝৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰাণু ৰায়ৰ কবিতা পুথি ‘আকাশৰ নীলাত মই', লেখিকা সুৰভি ডেকাৰ উপন্যাস “ডাৱৰৰ ফাঁকে ফাঁকে" আৰু লেখিকা অনুপমা দত্ত হাজৰিকাৰ 'বিয়ানামৰ এক পৰিক্ৰমা' আৰু 'আত্মনুভৱ' নামৰ দুখনকৈ গ্ৰন্থ। ইয়াৰে 'সংগীত কানন' গ্ৰন্থখন উন্মোচন কৰে কামৰূপ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক সবিতা দেৱীয়ে, 'জ্ঞান তত্ত্ব মাধুৰী' গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক পেঞ্চনাৰ কিশোৰী মোহন পাঠকদেৱে, 'আকাশৰ নীলাত মই' গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক প্ৰফেচৰ ড০ তৰণী ডেকাই, 'ডাৱৰৰ ফাঁকে ফাঁকে' গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি তথা সাহিত্য সমালোচক গুনীন চৌধুৰীদেৱে আৰু অনুপমা দত্ত হাজৰিকাৰ দুয়োখন গ্ৰন্থ উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড০ কৰবী গোস্বামীয়ে। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী হেমেন নাথে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট লেখিকা বিনীশা দেৱীৰ লগতে গণস্তম্ভ নামৰ কাকতখনৰ সম্পাদক চম্পক কলিতাদেৱো উপস্হিত থাকে। উল্লেখ্য যে এই আটাইকেইখন গ্ৰন্থ বৰ্তমান চানমাৰিত চলি থকা অসম গ্ৰন্থ মেলাত অংকুৰণ প্ৰকাশনৰ বিপনীত উপলব্ধ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here