বিপুল উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ল অসম গ্ৰন্থমেলা, গুৱাহাটী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 December 2022

বিপুল উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ল অসম গ্ৰন্থমেলা, গুৱাহাটী





কিতাপে সীমাৰ পৰিধি ভাঙি মানুহৰ চিন্তাক একত্ৰিত কৰেঃ তাৰা নোইচান্তাৰা


ভাৰতীয় শিক্ষা ব্যৱস্থাই নৰৰ পৰা নৰোত্তম হোৱাৰ দীক্ষা দিয়েঃ  ড° ননী গোপাল মহন্ত


কিতাপ নপঢ়া জাতি থিয় হৈ থাকিব নোৱাৰেঃ  ড° গোৱিন্দ প্ৰসাদ শৰ্মা


 কিতাপৰ সুবাসেৰে শীতৰ ঋতুত উছৱ মুখৰ চানমাৰি বাকৰি 


প্ৰকাশন পৰিষদৰ ১৫খন গ্ৰন্থ উন্মোচন


মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত গ্ৰন্থমেলা প্ৰাংগণ # তাৰা নোইচন্তাৰাৰ মনোমুগ্ধকৰপৰিৱেশ্য-কাব্য কলা


W7s news


গুৱাহাটী: কিতাপৰ সুবাসেৰে শীতৰ ঋতুক উছৱ মুখৰ কৰি বিপুল উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত  এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা এই গ্ৰন্থমেলা আজি বিয়লি ৪ বজাত বন্তি প্ৰজ্বলিত কৰি উদ্বোধন কৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তাৰা নোইচান্তাৰাই ৷ উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয়--“গ্ৰন্থোৎসৱৰ এই বিশাল আয়োজন অতুলনীয় ৷ গ্ৰন্থমেলা জ্ঞান চৰ্চা আৰু প্ৰজ্ঞা সাধনাৰ মহৎ উৎসৱ ৷ অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ বৌদ্ধিক পৰিৱেশ সুন্দৰ কৰিছে ৷ কিতাপে সীমাৰ পৰিধি ভাঙি মানুহৰ চিন্তাক একত্ৰিত কৰে ৷চিন্তাৰ স্বাধীনতা থকা উদাৰ আৰু আস্থাৰ পৃথিৱীৰ সন্ধান দিয়ে কিতাপে ৷” তেওঁ অসমৰ প্ৰকৃতি অতি শুশোভন বুলি উল্লেখ কৰি মানুহৰ অতিথিপৰায়ণতাই মুগ্ধ কৰা বুলি কয় ৷অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই ৷ ভাষণত তেওঁ কয়---“ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গুৱাহাটীৰ লগতে বিভিন্ন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি গ্ৰন্থ আন্দোলন তৰান্বিত কৰাৰ লগতে ৰাজ্যখনৰ বৌদ্ধিক পৰিৱেশ চহকী কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বতে এয়া সম্ভৱ হৈ উঠিছে ৷ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে নতুন গতি লাভ কৰিছে ৷” গ্ৰন্থ কেতিয়াও নিঃশেষ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে শ্ৰুতি আৰু স্মৃতিয়ে ভাৰতীয় সভ্যতাক নিৰ্মাণ কৰিছে ৷ শ্ৰুতি-স্মৃতি গ্ৰন্থৰো আধাৰ ৷ মানুহে জ্ঞানৰ মাজেৰে আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰে ৷ অসত্যৰ পৰা সত্যলৈ গতি কৰে ৷ জ্ঞানকেন্দ্ৰিক অমৰত্ব প্ৰাপ্তি হয় গ্ৰন্থৰ মাজেৰে ৷ গ্ৰন্থ জ্ঞান-প্ৰজ্ঞা সাধনাৰ মুল ভেটি ৷ ড° মহন্তই লগতে কয়---“ভাৰতীয় শিক্ষা ব্যৱস্থাই নৰৰ পৰা নৰোত্তম হোৱাৰ দীক্ষা দিয়ে ৷ এই দৰ্শনে স্তৰে স্তৰে আমাৰ সমাজ গঢ়িছে ৷ সভ্যতাক গতি প্ৰদান কৰিছে ৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰাই সাহিত্য-আন্দোলনে অসমীয়া ভাষা-সংস্কৃতিক ঢাপে ঢাপে গঢ়ি তুলিছে ৷ অৰুনোদইৰ যুগৰ পৰা আধুনিক কালতো অসমীয়া ভাষা অপূৰ্ব সাহিত্যকৃতিৰে সমৃদ্ধ হৈছে ৷ গ্ৰন্থমেলাও সমাজ গঢ়াৰ এক আন্দোলন ৷ এইক্ষেত্ৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আশাৰ পোহৰ দেখুৱাইছে ৷” সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, সমালোচক-সাহিত্যিক ড° গোৱিন্দ প্ৰসাদ শৰ্মাই ৷তেওঁ কয়--“কিতাপ নপঢ়া জাতি থিয় হৈ থাকিব নোৱাৰে ৷ প্ৰমাণ হৈছে যে অসমৰ মানুহে কিতাপ পঢ়ে ৷ সেয়েহে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি শংকা প্ৰকাশ কৰিবলগীয়া নাই ৷” তেওঁ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীৰ সক্ৰিয় ভূমিকাৰ বাবেই অসমৰ জিলা পৰ্যায়ত প্ৰকাশন পৰিষদে গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো আশাৰ বতৰা ৷ গ্ৰন্থক এনেদৰে মানুহৰ মাজলৈ লৈ যোৱাটো এটা নতুন দৃষ্টান্ত ৷ এই পদক্ষেপে অসমীয়া মনুহৰ কিতাপ পঢ়াৰ অভ্যাস সুদৃঢ় কৰিছে ৷ এয়া শুভ লক্ষণ ৷ কাৰণ গ্ৰন্থই  সভ্যতা-সমাজ নিৰ্মাণ কৰে ৷”

এই অনুষ্ঠানতে উন্মোচিত হয় অসম প্ৰকাশন পৰিষদে এইবেলি প্ৰকাশ কৰা ৩৮খন নতুন গ্ৰন্থৰ ভিতৰৰ ১৫খন গ্ৰন্থ ৷ প্ৰকাশিত নতুন গ্ৰন্থসমূহৰ ভিতৰত আছে “বীৰ সাৱৰকাৰ” (মূল ইংৰাজী লেখকদ্বয়ঃ উদয় মাহুৰকৰ, চিৰায়ু পণ্ডিত, অনুবাদঃ ৰঞ্জিত হাজৰিকা), “নৱকান্ত বৰুৱা ৰচনাৱলী” ২য় আৰু ৩য় খণ্ড (সম্পাদনাঃ ড° প্ৰাণ্‌জিৎ বৰা), “বাঘছাল পিন্ধা বীৰ” (মূলঃ জৰ্জিয়াৰ অমৰ কবি ছোটা ৰুস্তাভেলীৰ , অসমীয়া 

অনুবাদঃ গোলোক চন্দ্ৰ দত্ত), “হেড়ম্বৰাজ্যেৰ দণ্ডবিধি” (ড° অমলেন্দু ভট্টাচাৰ্য), “বিশ্ব মনীষা” (ড° গোৱিন্দ প্ৰসাদ শৰ্মা), “ভাৰতীয় জ্ঞানকোষ”-১ম খণ্ড,২য় খণ্ড,“(অনুবাদঃ ড° থানেশ্বৰ শৰ্মা), ড° লক্ষ্মীনন্দন বৰা ৰচনাৱলী”(সম্পাদনাঃ সুমন্ত চলিহা), “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী”-১ম খণ্ড (সম্পাদনাঃ সুমন্ত চলিহা) আদি ৷ উল্লেখ্য যে পৰিষদে এইবেলি ৩৮খন নতুন আৰু ৫২খন গ্ৰন্থৰ পুণৰ মুদ্ৰণেৰে মুঠ ৯০খন গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ কৰি উলিয়াইছে ৷ 

আজিৰ উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, প্ৰাক্তন সভাপতি ইমৰাণ আহমদে ৷ বিশিষ্ট শিল্পী মনোজ বৰুৱা আৰু ড° পূৰৱী শৰ্মাৰ পৰিচালনাত “গুৱাহাটী স্কুল অৱ মিউজিক”ৰ ছাত্ৰ-ছাত্ৰীৰ বেহেলাত সংগীতৰ মূৰ্ছনা

পৰিৱেশনেৰে শুভাৰম্ভ কৰা উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷শলাগৰ শৰাই আগবঢ়ায় ইমৰাণ আহমদে ৷ গ্ৰন্থমেলাৰ উদ্বোধক, সন্মানীয় আৰু বিশিষ্ট অতিথিবৰ্গক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয় ৷ 


#ড° প্ৰণৱজ্যোতি ডেকাক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২২ প্ৰদান#


গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি আজি বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকাক প্ৰদান কৰা হয় অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২২ ৷ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই তেওঁৰ হাতত এই বঁটা তুলি দিয়ে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ একেখন সভাতে “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থখন প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হয় “বান্ধৱ” প্ৰকাশৰ স্বত্বাধিকাৰ ৰঞ্জন শৰ্মাক ৷ এই বঁটাত আছে ৩ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ৷ ইপিনেআজি প্ৰথমদিনা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ অস্থায়ী  প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াৰ মনোমুগ্ধকৰ কাৰ্যূসূচী পৰিৱেশন কৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তৰা নোইচন্তাৰাই ৷ তদুপৰি কেবাখনো শিক্ষানুষ্ঠানৰ ছাত-ছাত্ৰীৰ মাজত অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here