W7s news গুৱাহাটী: অসম যোগ সংস্থাৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে নেহৰু অসম অলিম্পিক এছ'চিয়েছনৰ প্ৰেক্ষগৃহত পালন কৰা হয়।অসম অলিম্পিক এছ'চিয়েছন আৰু যোগা ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধীনস্থ অসম যোগ সংস্থাৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত সজযোগিতা আগবঢ়াই কামৰূপ (ম) জিলা যোগ এছ'চিয়েছনে।এই উপলক্ষে পতাকা উত্তোলন কৰে অসম যোগ সংস্থাৰ অধ্যক্ষ
ড০ কে কে বৰাই। তাৰপাছত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বন্তি প্রজ্বলন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা কমিটিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে যোগৰ প্রয়োজনীয়তা সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। তাৰপাছত যোগত ৰাষ্ট্ৰীয় পৰ্য্যায়ত খিতাপ অৰ্জন কৰা আৰু স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্রদান কৰা হয়। লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱা হয়। এই সভাত অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰা, সন্থাৰ কামৰূপ(ম) জিলা যোগ এছ'চিয়েছনৰ সভাপতি মুনিদ্ৰ পাটোৱাৰী, সম্পাদক প্ৰকাশ চেত্ৰী, সন্থাৰ নগাঁও জিলা কমিটিৰ সভাপতি পি লস্কৰ আদি উপস্থিত থাকে।
No comments:
Post a Comment