ৰং দে বসন্তী ধাবা- ডাইনাৰত নতুন মেন্যু, নৱ পৰিৱেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 December 2022

ৰং দে বসন্তী ধাবা- ডাইনাৰত নতুন মেন্যু, নৱ পৰিৱেশ

 


W7s news গুৱাহাটী:  গুৱাহাটীস্থিত জনপ্ৰিয় উত্তৰ ভাৰতীয় ৰেষ্টুৰেণ্ট ৰং দে বসন্তী আৰবান ধাবা এতিয়া হৈ পৰিছে ৰং দে বসন্তী ধাবা-ডাইনাৰ। ১০০ খন আসনযুক্ত আউটলেটটোৰ পৰিৱেশ আৰু মেন্যু দুয়োটাকে উন্নীত কৰা হৈছে যাৰ ফলত গ্ৰাহকৰ বাবে ই অধিক অভিজ্ঞতাবিশিষ্ট হৈ পৰিছে। 'ৰং দে বসন্তী ধাবা- ডাইনাৰে ঘাইপথৰ কাষৰ পৰম্পৰাগত ধাবাৰ গ্ৰাহকে পোৱা আমেজৰ কোনোধৰণৰ তাৰতম্য নঘটোৱাকৈ চহৰৰ মাজমজিয়াত সতেজ আৰু সহজলভ্য সেৱা প্ৰদান কৰাৰ ধাৰণাটোক মূল হিচাপে লৈ কাম কৰি আহিছে। আমি আমাৰ অতিথিসকলৰ বাবে ধাবা সম্পৰ্কীয় অভিজ্ঞতাক উন্নততৰ আৰু পৰিশোধিত কৰিবলৈ আউটলেট আৰু মেন্যু পুনৰ ডিজাইন কৰিছোঁ” ভি পি- অপাৰেশ্যনছ, জিং ৰেষ্টুৰেণ্টছ, ৰাজ দ্বীপ পাণ্ডেই কয়। ফটোকপি আৰু পিচিঅ' কিয়স্ক, চাহৰ ষ্টল, দৰ্জীৰ দোকান, আৰু দেশী থেকা আদিৰ সৈতে নতুন ডাইনাৰৰ পৰিৱেশটোৰ জৰিয়তে এখন সাধাৰণ বজাৰ চিত্ৰিত কৰা হৈছে। ইয়াক চিত্ৰ, উদ্ভিদ, মিউৰেল আৰু গ্ৰেফিটিৰ লগতে এটা লাইভ কাউণ্টাৰৰ দ্বাৰা অধিক উজ্জ্বল আৰু অধিক ৰঙীন কৰি তোলা হৈছে।নতুন মেন্যুত চম্পাৰণ মঙহ, RDBD স্পেচিয়েল হাণ্ডি চিকেন, হাণ্ডি চয়া চাপ, অৱধি চিকেন চাপ, চেভ টমাটৰ কি চব্‌জি, আটাৰ্‌লি বাটাৰ্‌লি চিকেন- মাটিয়া মহল, ৰুহ আফজা টুটি ফ্ৰুটি, ক্ষীৰ পুৰী (যি দেশৰ বিভিন্ন স্থান আৰু চহৰৰ পৰা অনুপ্ৰাণিত) আদিৰ লগতে চৱাফুটিয়া চিক্‌ কাবাব, চিকেন পালাং টোড়, দিল্লী কা বাটাৰ চিকেন, গোলি চ’ডা আদিৰ দৰে ক্লাছিক RDBD খাদ্যসম্ভাৰো অন্তৰ্ভুক্ত কৰা হৈছে। 

ইয়াৰোপৰি, তেওঁলোকে নিজৰ বাৰ মেন্যুও নতুনকৈ সজাই তুলিছে আৰু ইয়াত বসন্তী মিউল, গোলি চ’ডা ৱাইন, ইমলি-ৰীতা, বৰফিলি চাইৰ দৰে মকটেইল আদি হাউচ স্পেচিয়েল ককটেইলৰ ব্যৱস্থা কৰা হৈছে। ফ্ৰাইড চিকেন পপকৰ্ণ, তন্দুৰী চিকেন চাট, মাকাই চল্ট এণ্ড পেপাৰৰ দৰে খাদ্যসামগ্ৰীও এই মেন্যুৰ এটা অংশ।

ইয়াত দুগৰাকী ব্যক্তিৰ বাবে হ’ব পৰা সম্ভাব্য খৰচ কৰৰ সৈতে প্ৰায় ১২০০ টকা (এলকহলৰ সৈতে)।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here