নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আধাৰত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ’’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 3 December 2022

নব্বৈ দশকৰ ‘গুপ্তহত্যা’ৰ ক’লা অধ্যায়ৰ আধাৰত নিৰ্মিত বলীউডৰ ছবি ‘‘শ্বেড’ এছাচিনছ’’

 

 গুৱাহাটীত সংবাদমেল সম্বোধন প্ৰযোজনাগোষ্ঠীৰ


 



W7s news গুৱাহাটী : ‘গুপ্তহত্যা’ শব্দটো আজিকোপতি অসমবাসীৰ বাবে এক আতংকৰ অনুভূতি৷ সেই বিভীষিকাপূৰ্ণ ক’লা দিনবোৰে আজিও খেদি ফুৰে বহু অসমীয়া পৰিয়ালক৷ অসমৰ ‘গুপ্তহত্যা’ৰ সেই ক’লা অধ্যায়ৰ সম্পৰ্কে যুগুত কৰা প্ৰাক্তন ন্যায়াধীশ কে. এন. শইকীয়াৰ ঐতিহাসিক প্ৰতিবেদনক ভিত্তি কৰি এইবাৰ বলীউডত নিৰ্মাণ হৈছে এখন হিন্দী চিনেমা ‘‘শ্বেড’ এছাচিনছ’’ [Shadow Assassins)৷ অহা ৯ ডিচেম্বৰত সমগ্ৰ দেশৰ চিত্ৰগৃহত ছবিখনে শুভমুক্তি লাভ কৰিব৷ পুনেৰ ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন অধ্যাপক নীলাঞ্জন ৰীতা দত্তৰ কাহিনী তথা পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন৷ উল্লেখ্য যে পৰিচালক নীলাঞ্জন দত্তই পূৰ্বতে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাৰে পুৰস্কৃত হৈছিল৷ ‘‘শ্বেড’ এছাচিনছ’’ৰ অসমীয়া অনুবাদ ‘গুপ্ত ঘাতক’৷ শনিবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰাজধানী ৰেজেঞ্চীত আয়োজিত এক সংবাদমেল সম্বোধন কৰে প্ৰযোজনাগোষ্ঠীটোৱে৷ সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলত বক্তব্য প্ৰদান কৰি নীলাঞ্জন ৰীতা দত্তই কয় যে মূলতঃ ৯০ দশকৰ সেই ক’লা অধ্যায়ৰ সময়চোৱাত অসমত কিদৰে এটা পৰিয়ালে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছিল, তাকেই এক কাল্পনিক ৰূপত দেখুওৱা হৈছে চিনেমাখনত৷ ছবিখনৰ কাহিনী যদিও কাল্পনিক, কিন্তু তাৰ পটভূমি এক নিষ্ঠুৰ বাস্তৱ৷ ছবিখনৰ কাহিনীৰ মাজত হয়তো বহুতেই নিজৰ পৰিচিত বহু ঘটনা, কাহিনীক দেখিবলৈ পাব বুলি আশা কৰিব পাৰি৷ আনাহতে, ছবিখনৰ কাহিনীৰ পটভূমি সম্পৰ্কত তেওঁ কয় যে আজিকোপতি ভাৰতৰ মূলসূঁতিৰ চিনেমাজগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আছে৷ সংবাদ মাধ্যমক পৰিচালকে জনোৱা অনুসৰি, সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপতত এখন চিনেমা নিৰ্মাণ কৰি ৯০১ দশকত অসমত সংঘটিত সেই ক’লা অধ্যায়ৰ এক আভাসৰ সৈতে পৰিচয় কৰোৱাৰ এয়া এক প্ৰচেষ্টা৷ তেওঁ লগতে উল্লেখ কৰে যে এই চিনেমাখনত অভিনয় কৰা প্ৰতিজন অভিনেতাই খুব সুন্দৰভাৱে চৰিত্ৰসমূহ ৰূপায়ন কৰিছে৷ ‘‘শ্বেড’ এছাচিনছ’ চিনেমাখনত বলীউডৰ লগতে অসম তথা কলকাতাৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে৷ চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, বলীউডৰ লগতে দাক্ষিণাত্যৰ চিনেমাত প্ৰতিষ্ঠিত তথা জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, ‘স্কেম-১৯৯২’ খ্যাত জনপ্ৰিয় অভিনেতা হেমন্ত খেৰ, ‘কেশৰী’ ছবিখনত ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা ৰাকেশ চতুৰ্ৱেদী ওঁম, কলকাতাৰ জনপ্ৰিয় অভিনেতা সৌম্য মূখাৰ্জীৰ লগতে কেইবাগৰাকীও শিল্পীয়ে চিনেমাখনত অভিনয় কৰিছে৷ তদুপৰি এই চিনেমাখনত আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব মনোজ বৰকটকী, ৰঞ্জীৱ লাল বৰুৱা, স্তুতি চৌধুৰী, ভায়’লেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতি ভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক৷ ছবিখনৰ এটি গীতত মুম্বাইৰ জনপ্ৰিয় সংগীত শিল্পী জাভেদ আলীৰ লগতে আন এটি গীতত অসমৰ হাৰ্ট-থ্ৰ’ৱ জুবিন গাৰ্গেও কণ্ঠদান কৰিছে৷ উল্লেখ্য যে, যোৱা বছৰৰ শেষৰফালে গুৱাহাটীতেই শ্বুটিং সম্পন্ন কৰা ছবিখনত মুম্বাইৰ পৰা অহা বহু প্ৰতিষ্ঠিত কলা-কুশলীৰ লগত অসমৰ যথেষ্ঠসংখ্যক কলা-কুশলীয়ে চিনেমাখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল৷ তাৰে ভিতৰত চিনেমাখনত সাজ-সজ্জাত গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপ-সজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা৷ সংগীত পৰিচালনা কৰিছে কলকাতাৰ জনপ্ৰিয় সংগীত শিল্পী আশু চক্ৰৱৰ্তীয়ে৷  অসমৰ পটভূমিত নিৰ্মিত এই হিন্দী ছবিখনৰ প্ৰচাৰ অসমৰ পৰাই আৰম্ভ কৰিছে ছবিখনৰ প্ৰযোজকে৷ হয়তো এইখনেই এনেদৰে অসমৰ পৰাই সমগ্ৰ ভাৰতত মুক্তি হ’বলৈ যোৱা প্ৰথমখন বলীউডৰ চিনেমা৷ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চিনেমাখনে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে আজি অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, অভিনেতা মহেশ গিন্নিলাল, মনোজ বৰকটকী, পৰীক্ষিত তামুলী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে কেবাগৰাকী কলা-কুশলী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here