গুৱাহাটী বাসীৰ গুৱাহাটী পৌৰ নিগমৰ হোল্ডিং নম্বৰ নহ’লে পহিলা জানুৱাৰীৰ পৰা কৰ্তন কৰা হ'ব বিদ্যুৎ সংযোগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 December 2022

গুৱাহাটী বাসীৰ গুৱাহাটী পৌৰ নিগমৰ হোল্ডিং নম্বৰ নহ’লে পহিলা জানুৱাৰীৰ পৰা কৰ্তন কৰা হ'ব বিদ্যুৎ সংযোগ

 গুৱাগুৱাহাটী পৌৰ নিগমৰ সংবাদ মেলত ঘোষণা







৩১ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীবাসীয়ে পৰিশোধ কৰিব লাগিব সম্পত্তিৰ কৰ


গুৱাহাটীবসীৰ পৰা নিগমে এতিয়া পাবলৈ বাকী আছে প্ৰায় আঢ়ৈশ কৌটি টকাৰ সম্পত্তিৰ কৰ



W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী বাসীৰ গুৱাহাটী পৌৰ নিগমৰ হোল্ডিং নম্বৰ নহ’লে পহিলা জানুৱাৰীৰ পৰা কৰ্তন কৰা হ'ব  বিদ্যুৎ সংযোগ- এই ভাষ্য গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ উজানবজাৰস্থিত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত মেয়ৰ শৰণীয়াই লগতে কয়-গুৱাহাটীবাসীৰ পৰা এতিয়াও অনদায় হৈ আছে বহু পৰিমাণৰ সম্পত্তিৰ কৰ। গুৱাহাটীবসীৰ পৰা নিগমে এতিয়া পাবলৈ বাকী আছে প্ৰায় আঢ়ৈশ কৌটি টকাৰ সম্পত্তিৰ কৰ। সেয়েহে গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ মূল্যায়নৰ ক্ষেত্রেত স্ব - মূল্যায়নৰ জড়িয়তে হ'ল্ডিং নম্বৰ প্ৰদান কৰাৰ ব্যবস্থা কৰিছে । বর্তমান গুৱাহাটী পৌৰ নিগমৰ সৰ্বমুঠ হ'ল্ডিং নম্বৰ প্ৰায় ২,৮০,০০০ ( দুই লাখ আশী হাজাৰ ) আছে যদিও বিগত বৰ্ষত মাত্র ৮৫,০০০ ( পঁচাশী হাজাৰ ) হ'ল্ডিং নম্বৰৰ পৰাহে সম্পত্তি কৰ পাবলৈ সক্ষম হৈছে । আনহাতে গুৱাহাটী পৌৰ নিগমৰ এলেকাত এ.পি.ডি.চি.এলৰ সৰ্বমুঠ ৩,৩০,০০০ ( তিনি লাখ ত্রিছ হাজাৰ ) কনজিউমাৰ নম্বৰ আছে যদিও পৌৰ নিগমৰ ২,৮০,০০০ ( দুই লাখ আশী হাজাৰ ) হ'ল্ডিং নম্বৰৰ লগত সকলোবোৰ কনজিউমাৰ নম্বৰ সংলগ্ন হৈ থকা নাই । সেয়েছে মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে , গুৱাহাটী পৌৰ নিগম আৰু এ.পি.ডি.চি.এলৰ যৌথ প্ৰচেষ্টাত হ'ল্ডিং নম্বৰ সমুহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈ এ.পি.ডি.চি.এলৰ কনজিউমাৰ নম্বৰৰ লগত সংলগ্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইতিমধ্যে এই ক্ষেত্ৰত এ.পি.ডি.চি.এলৰ লগত গুৱাহাটী পৌৰ নিগমৰ এখনি কাৰ্যপ্রণালী স্বাক্ষৰিত হৈছে । ইয়াৰ জড়িয়তে সমুহ গুৱাহাটী বাসীক আহবান জনাইছোঁ যাতে যি সকল আৱাসীয়ে এতিয়ালৈকে হ’ল্ডিং নম্বৰ গ্ৰহণ কৰা নাই তেওঁলোকে গুৱাহাটী পৌৰ নিগমৰ স্ব - মূল্যায়ন ( Self - Assessment ) পৰ্টেলৰ ( লিংক - https://gmcpropertytax.com ) যোগেদি অনতি পলমে হ'ল্ডিং নম্বৰ গ্ৰহণ কৰক। গুৱাহাটী পৌৰ নিগমৰ ৰাজহৰ প্ৰধান উৎসই হ'ল সম্পত্তি কৰ । এই কৰ সঠিক ভাবে আহৰণ আৰু সম্পত্তিৰ স্বমূল্যায়ন অবিহনে গুৱাহাটীৰ উন্নয়নত জটিলতা আহি পৰিছে । এইক্ষেত্ৰত পৌৰ নিগমৰ দ্বাৰা কমন চাৰ্ভিচেছ চেন্টাৰ ( চি . এচ . চি . ) আৰু ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ অধীনৰ আত্ম সহায়ক গোট সমুহৰৰ জড়িয়তে ৰাইজৰ মাজত সহযোগিতা তথা সজাগতাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।গুৱাহাটী পৌৰ নিগমে প্ৰতিটো ৱাৰ্ডত কাইলৈৰ পৰা পৰ্যায়ক্রমে তিনিটাকৈ শিৱিৰ অনুস্থিত কৰিব আৰু ইয়াক সেৱা কেন্দ্ৰ হিচাপে নামাকৰণ কৰা হ'ব । এই সেৱা কেন্দ্র সমুহত স্থানীয় আবাসী সকলক ৱাৰ্ড পাৰিষদৰ তত্বাৱধানত কমন চাৰ্ভিচেছ চেন্টাৰৰ ( চি . এচ . চি . ) দ্বাৰা হ'ল্ডিং নম্বৰৰ লগত কনজিউমাৰ নম্বৰ সংলগ্ন কৰা , সম্পত্তিৰ স্বমুল্যায়নৰ বাবে আবেদন কৰা আৰু কৰ আদায় কৰা ইত্যাদি সেৱা সমুহ প্ৰদান কৰা হ'ব ।  মূখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে গুৱাহাটী পৌৰ নিগমে ৫ ডিচেম্বৰৰ পৰা সম্পত্তি কৰৰ ওপৰত বিশেষ ৰেহাইৰ আচনি ( Amnesty Scheme ) ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ জড়িয়তে যি সকল কৰদাতাৰ যোৱা দুই বছৰ আগৰ ( ২০২০-২১ বিত্তীয় বৰ্ষৰ আগৰ ) কৰ অনাদায় হৈ আছে তেওঁলোকৰ বকেয়া কৰ পৰ্যায়ক্রমে ২০ ডিচেম্বৰৰ পূৰ্বে দিয়া সকলক ৫০ শতাংশ , ২০ ডিচেম্বৰৰ পাছত দিয়া সকলসক ৩০শতাংশ আৰু ১৫ শতাংশ লৈ ৰেহাই দিয়া হ'ব ।এই বিশেষ সুবিধা সেৱা কেন্দ্ৰ নাইবা অনলাইন মাধ্যমত ( https://gmcpropertytax.com ) উপলব্ধ থাকিব ।গুৱাহাটীত চৰকাৰী-একচনীয়া মাটি থকা সকলো লোকে  সম্পত্তি কৰ দিব লাগিব। এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে ঘৰতে বহি সম্পত্তিৰ কৰ পৰিশোধ কৰিব পাৰিব।' সংবাদ মেলত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তী,ডেপুটি মেয়ৰ স্মিতা ৰয়, মুখপাত্ৰ মনোজ কুমাৰ নাথ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here