W7s news
গুৱাহাটী : অসম চৰকাৰৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলত আজিও বেতন বিহীন ভাবে সেৱা আগবঢ়াই আহিছে কেবা শতাধিক কেজুৱেল কর্মী তথা মাষ্টাৰৰোল শ্ৰমিক । মাহৰ পাছত মাহ ধৰি দৰমহা নাপায় তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিগত সময়চোৱাত ইতিমধ্যে ২০ জনতকৈ অধিক কেজুৱেল কর্মীৰ মৃত্যু হৈছে । এই ধাৰা অব্যাহত ৰাখি ১১ ডিচেম্বৰৰ নিশা নিৰ্ধাৰিত হাৰত দৰমহা আৰু নিযুক্তি পত্ৰ নোপোৱাকৈয়ে চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ( জি এম চি এইছ ) মৃত্যু হয় পবিত্ৰ হালৈ (৫০ ) নামৰ এজন কেজুৱেল বনকর্মী । সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা , বন বিভাগৰ গুৱাহাটী সামাজিক বন সংমণ্ডলৰ অধীনৰ বকো আঞ্চলিক বন বিষয়া কাৰ্যালয়ত পূৰ্বতে কাম কৰা পবিত্ৰ হালৈ বিগত প্ৰায় দুসপ্তাহ ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ আছিল । ইয়াৰ পূৰ্বে তেওঁ গুৱাহাটীৰ আৰ্য হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও পৰিয়ালৰ লোকে ধনৰ অভাৱত ২৮ নৱেম্বৰত তেওঁক জি এম চি এইছত ভৰ্তি কৰাইছিল । আনহাতে সদৌ অসম কেজুৱেল বনকর্মী সন্থাৰ সভাপতি চিকন ডেকা , সম্পাদক ধনঞ্জয় দাস , সহকাৰী সম্পাদক ৰজনী ডেকা , উপদেষ্টা অমৃত বড়ো , কাৰ্যকৰী সদস্য দিলীপ কলিতাই ( চক্ৰ ) এটা বিবৃতিত এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বেতন বঞ্চিত প্ৰয়াত কেজুৱেল বনকর্মী পবিত্ৰ হালৈৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ লগতে দুই পুত্ৰৰ এজনক বন বিভাগত নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । একেটা দাবীতে সন্থাই মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক পূৰ্বতে বিভাগীয় হেমাহিৰ বাবে বিভিন্ন কাৰণত বাদ পৰি যোৱা বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিক সকলক শীঘ্ৰে নিৰ্ধাৰিত হাৰত বা ফিক্সড পেত দৰমহা প্ৰদান কৰি তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায় ।
No comments:
Post a Comment