কয়াকুছি গাওঁৰ সৰবৰহী ব্যক্তি আব্দুল জলিলৰ মৃত্যুঃ অঞ্চলজুৰি শোক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 December 2022

কয়াকুছি গাওঁৰ সৰবৰহী ব্যক্তি আব্দুল জলিলৰ মৃত্যুঃ অঞ্চলজুৰি শোক

 



W7s news কয়াকুছি : বৰপেটা জিলাৰ কয়াকুছি গাওঁৰ বাসিন্দা, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তণ ৱাৰ্ড সদস্য আব্দুল জলিলৰ যোৱা ১২ ডিচেম্বৰত নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৮ বছৰ। ডেংগীৰ লগতে বৃক্কৰ ৰোগত আক্ৰান্ত সৰবৰহী ব্যক্তিজনক পৰিয়ালৰ লোকে গুৱাটীৰ আয়ুৰসুন্দ্ৰা হাস্পাতালত ভৰ্তি কৰে যদিও হাস্পাতালৰ আইচিইউত ৫ দিন মৃত্যুৰে যুঁজি ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ ইচ্ছা অনুসৰি তেওঁক ১২ ডিচেম্বৰত স্বগৃহলৈ লৈ যোৱা হয়। বিশেষ এম্বুলেঞ্চযোগে স্বগৃহলৈ লৈ যোৱাৰ পাছত ১২ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬:১৫ বজাত ব্যক্তিজনে শেষ নিশ্বাস ত্যাগ কৰে। বৃহত্তৰ অঞ্চলটোত মেম্বাৰ হিচাপে পৰিচিত ব্যক্তিজনে জীৱিত কালত বিভিন্ন সামাজিক কাম-কাজৰ লগতে গ্ৰাম্য ৰাজনীতিত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী তাৰা ভানুৰ লগতে চাৰি পুত্ৰ ক্ৰমে আঃ হাই, আঃ হালিম, আঃ আলিম আৰু নুৰ হুছেইনৰ ওপৰি তিনি কন্যা-বোৱাৰী, জোঁৱাই, নাতি-নাতিনীসহ বহু আত্মীয়ক এৰি থৈ গৈছে। অতি সৰল আৰু অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে কয়াকুছি, ভক্তৰডোবা, নলীগাওঁ আৰু কৰাগাৰী গাৱৰ লগতে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। স্থানীয় কৱৰস্থানত যোৱা ১৩ ডিচেম্বৰৰ পুৱা প্ৰায় ১০ বজাত পাঁচ শতাধিক লোকৰ উপস্থিতিত ব্যক্তিজনৰ জানাজা নামাজ সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here