W7s news গুৱাহাটী: গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বুইল্ড আৰু নৰ্থ ইষ্ট উড এক্সপ'। বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে এডভাণ্টেজ ট্ৰেড ফেয়াৰ এণ্ড প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক বিপন কুমাৰ লোহিয়াই। তেওঁ লগতে কয় প্ৰথম বাৰৰ বাবে ভৱন নিৰ্মাণৰ বাবে কাঠ আৰু অন্য নিৰ্মাণ সামগ্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনী আৰু বি ২ বি মেলাৰ আয়োজন কৰা হৈছে।এই এক্সপ' ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধি উপস্থিত থাকিব। এই এক্সপ'ত দেশ বিদেশৰ ২০০ কোম্পানীয়ে অংশগ্ৰহণ কৰিব।ষ্টেট বেম্ব' ইণ্ডাষ্ট্ৰি ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত হ'ব। অসমৰ প্ৰায় ১২ টা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ২০-৩০ টা কোম্পানীয়ে অংশগ্ৰহণ কৰিব। প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত কৰা হ'ব। এই এক্সপ'ত কোম্পানী সমূহে নিজৰ নিজৰ সামগ্ৰীৰ প্ৰদৰ্শনী কৰাৰ লগতে বিভিন্ন আলোচনাচক্ৰও অনুষ্ঠিত হ'ব। ১৬০ খন বিপনী থাকিব। লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহশিল্পৰ সম্ভাৱনীতা গুৰুত্ব দিব।কানাডা, ইটালী আদি বিভিন্ন সামগ্ৰীৰ ১০ হাজাৰ সামগ্ৰী প্রদর্শন কৰা হ'ব। সংবাদ মেলত এডভাণ্টেজ ট্ৰেড ফেয়াৰ এণ্ড প্ৰাইভেট লিমিটেডৰ প্ৰজেক্ট ডাইৰেক্টৰ সমীৰ কুমাৰ নিৰজ, শশী দাষ্টা উপস্থিত থাকি এই এক্সপ'ৰ সফলতা কামনা কৰে।
No comments:
Post a Comment