যাতায়তৰ অনুপযোগী হৈ পৰিছে ৰাজাপানীছন্দাৰ পৰা নোৱাপাৰা সংযোগী পথ ; পকীকৰণৰ দাবী ৰাইজৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

যাতায়তৰ অনুপযোগী হৈ পৰিছে ৰাজাপানীছন্দাৰ পৰা নোৱাপাৰা সংযোগী পথ ; পকীকৰণৰ দাবী ৰাইজৰ

 

W7s news


গুৱাহাটী  : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ  ৰাজাপানীছন্দাৰ পৰা  নোৱাপাৰা সংযোগী প্ৰধান পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত যাতায়তৰ অনুপযোগী হৈ পৰিছে । ফলত ৰাইজৰ স্বাভাৱিক আহ - যাহত  ব্যাঘাটৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত নোৱাপাৰা ৰাইজ গয়ৰহৰ উপদেষ্টা শ্যাম ৰাভা , সভাপতি কেটেং ৰাভা আৰু সম্পাদক ৰমেন ৰাভাই জানিবলৈ দিয়া মতে ৰাণী সংযোগী এন ই চি পথৰ  ৰাজাপানীছন্দাৰ পৰা নোৱাপাৰা সংযোগী  প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা  বহু বছৰ পূৰ্বে এবাৰ পকীকৰণ কৰা হৈছিল । কিন্ত পকীকৰণ কৰাৰ পাছত লোকনির্মাণ পথ বিভাগে  মেৰামতি নকৰাৰ ফলত প্ৰথম ৪০০ মিটাৰ অংশ যাতায়তৰ অনুপযোগী হৈ পৰিছে । বিশেষকৈ পথচোৱাত শিলৰ তৰপটো ওলাই পৰাৰ ফলত  খোজকাঢ়ি অহাযোৱা কৰা পথচাৰী , দুচকীয়া বাহনৰ চালক -  আৰোহী আদি ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হৈছে । যাৰ বাবে অঞ্চলটোৰ সকলো  শ্ৰেণীৰ সচেতন ৰাইজে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পথচোৱা শীঘ্ৰে  পকীকৰণ কৰি ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ কৰিবলৈ দাবী জনাইছে । আনকি অঞ্চলটোৰ  আন এটা অগ্ৰণী  সংগঠন নোৱাপাৰা চৌদুক পুথিভঁৰালৰ সভাপতি ৰণ্টুৰাম ৰাভা আৰু সম্পাদক চুনু ৰাভাই জানিবলৈ দিয়া পথচোৱাৰ একেবাৰে ভিতৰুৱা অংশখিনী সামগ্ৰিক ভাৱে কিছু  ভালে আছে । কিন্তু সন্মুখৰ অংশখিনী বিধ্বস্ত হৈ পৰাত  অগ্ৰাধিকাৰ ভিত্তিত সেই অংশখিনীৰ মেৰামতি কৰিবলৈ দাবীহ জনোৱা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here