চিকিৎসাধীন হৈ থকা বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী পবিত্ৰ হালৈক বন শ্ৰমিক সন্থাৰ আৰ্থিক সাহায্য প্ৰদান ; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

চিকিৎসাধীন হৈ থকা বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী পবিত্ৰ হালৈক বন শ্ৰমিক সন্থাৰ আৰ্থিক সাহায্য প্ৰদান ; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা

 


 

W7s news গুৱাহাটী: অসম চৰকাৰৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলত আজিও বেতন বিহীন ভাবে সেৱা আগবঢ়াই আহিছে কেবা শতাধিক কেজুৱেল কর্মী  তথা মাষ্টাৰৰোল শ্ৰমিক । মাহৰ পাছত মাহ ধৰি দৰমহা নাপায় তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিগত সময়চোৱাত  ইতিমধ্যে ২০ জনতকৈ অধিক কেজুৱেল কর্মীৰ মৃত্যু হৈছে । বিভাগীয় মেৰপেছৰ  বাবে আজিও তেওঁলোক নিৰ্ধাৰিত হাৰত বা ফিক্সড পে দৰমহা লাভৰ পৰাও বঞ্চিত হব লগা হৈছে । আনহাতে  সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা পবিত্ৰ হালৈ সম্প্ৰতি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ( জি এম চি এইছ )   বিগত  প্ৰায় দহদিন  ধৰি চিকিৎসাধীন হৈ আছে ।  ৫ ডিচেম্বৰত সন্থাৰ সভাপতি চিকন ডেকাৰ নেতৃত্বত সম্পাদক ধনঞ্জয় দাস , সহকাৰী সম্পাদক ৰজনী ডেকাসহ  এটা দলে চিকিৎসালয়ত  গৈ সতীৰ্থ পবিত্ৰ হালৈৰ স্বাস্থ্যৰ বুজ লয় । দলটোৱে   দুখৰ মাজতো  তেওঁলোকে নিজৰ ভিতৰত সাধ্যানুসৰি সংগ্ৰহ কৰা এটা মোটা অংকৰ ধনৰ টোপোলা চিকিৎসালয়তে চিকিৎসকৰ অনুমতি সাপেক্ষে হালৈক  প্ৰদান কৰে । আনহাতে সন্থাৰ ফালৰ পৰা এই ক্ষেত্ৰত  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰি  পবিত্ৰ হালৈক  উপযুক্তভাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ  আৰু শীঘ্ৰে বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিক সকলক  নিৰ্ধাৰিত হাৰত বা ফিক্সড পেত দৰমহা প্ৰদান কৰি তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে  জি এম চি এইছত ভৰ্তি হোৱাৰ পূৰ্বে হালৈ  গুৱাহাটীৰ আৰ্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল । কিন্ত ধনৰ অভাৱত পৰিয়ালৰ লোকে তেওঁক জি এম চি এইছত ভৰ্তি কৰায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here