মহানগৰীৰ হাস্পতালত শল্য চিকিৎসকৰ বাবে এডভান্সড এণ্ড'স্কোপি পাঠ্যক্ৰম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 December 2022

মহানগৰীৰ হাস্পতালত শল্য চিকিৎসকৰ বাবে এডভান্সড এণ্ড'স্কোপি পাঠ্যক্ৰম





W7s news গুৱাহাটী,: অধ্যাপক সুভাষ খান্নাৰ তত্ত্বাৱধানত মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল হাস্পতালে ৩ আৰু ৪ ডিচেম্বৰত গুৱাহাটীত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ই আৰ চি পি প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সফলতাৰে আয়োজন কৰে। এণ্ড'স্কোপিক ৰেট্ৰ'গ্ৰেড ক'লানজিঅ' পেনক্ৰিয়েট'গ্ৰাফি (ই আৰ চি পি) হৈছে এক উন্নত এণ্ড'স্কোপিক কৌশল, যিয়ে যকৃত, পিত্ত নলী আৰু অগ্নাশয়ৰ ৰোগৰ ক্ষেত্ৰত ব্যাপক অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে। বিশেষকৈ পাথৰ আৰু কৰ্কট ৰোগৰ ক্ষেত্ৰত এই পদ্ধতি উপযোগী বিবেচিত হয়। দেশৰ এই অঞ্চলত এনে অত্যাধুনিক এণ্ড'স্কোপিক পদ্ধতি সফলতাৰে ৰূপায়ণ কৰা হাস্পতালসমূহৰ ভিতৰত অন্যতম হৈছে স্বাগত হাস্পতাল। কৰ্ণাটক, পঞ্জাব, ওড়িশা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু হিমাচলৰ পৰা অহা প্ৰতিনিধিসকলে এনিমেট মডেলৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে এই অত্যাধুনিক পদ্ধতি এণ্ড'স্কোপিষ্ট সকলৰ বাবে কেনেদৰে সুৰক্ষিত বিবেচিত হ'ব, সেই বিষয়ে তেওঁলোকক ওঠৰগৰাকী ৰোগীৰ ক্ষেত্ৰত বিভিন্নধৰণৰ পদ্ধতি আৰু কৌশল সন্দৰ্ভত অৱগত কৰোৱা হয়। এই কৰ্মশালাত ১৬ গৰাকী ৰোগীৰ শৰীৰত বিভিন্ন এণ্ড'স্কোপিক থেৰাপেটিক পদ্ধতিৰ প্ৰয়োগ কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ তদাৰক কৰিছিল স্বাগত হাস্পতালৰ পাঠ্যক্ৰম সমন্বয়ৰক্ষী অধ্যাপক ডাঃ সুভাষ খান্নাই। তেওঁৰ লগত আছিল এডভান্সড এণ্ড'স্কোপিক পদ্ধতিৰ কেইবাগৰাকীও বিশেষজ্ঞ ক্ৰমে- ডাঃ বিপুল ৰয় ৰাথোড়, ডাঃ গোবিন্দ ৰাজ, ডাঃ সব্যসাচী পাটনায়ক, ডাঃ অৰুণিমা বাৰ্মা আৰু ডাঃ অমিতাভ গোস্বামী। এই কৰ্মাশালাত অলপতে উদ্ভাৱন হোৱা স্পাইগ্লাছ পদ্ধতিৰো প্ৰদৰ্শন কৰা হয়। এই পদ্ধতিৰ জৰিয়তে পাথৰ আঁতৰোৱা আৰু যকৃতৰ ভিতৰত থকা ক্ষুদ্ৰ নলিকাৰ পৰা কিদৰে বায়'পছি সঠিক পদ্ধতিত কৰিব পৰা যায়, সেই বিষয়েও প্ৰদৰ্শন কৰা যায়। এই পাঠ্যক্ৰমৰ অন্তৰালত থকা মূল ব্যক্তিগৰাকী হৈছে স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ অধ্যক্ষ। তেওঁ বিশ্বাস কৰে যে অত্যাধুনিক এণ্ড'স্কোপিক পদ্ধতি অস্ত্ৰোপচাৰৰ পাঠ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱা উচিত। এনে কাৰ্যসূচীয়ে মিনিমেলী ইনভেছিভ পদ্ধতিৰ প্ৰতি অধিক শল্য চিকিৎসকক আকৰ্ষিত কৰিব। এনে পদ্ধতিৰ জৰিয়তে ৰোগীৰ দুখ-যন্ত্ৰণা বহু পৰিমাণে লাঘৱ কৰিব পৰা যায়। ভাৰতত শল্য চিকিৎসকসকলৰ বাবে এনেধৰণৰ এয়াই হৈছে একমাত্ৰ ই আৰ চি পি প্ৰশিক্ষণ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা ১৬ গৰাকী প্ৰতিনিধিৰ ভিতৰত কেইবাগৰাকীও অধ্যাপক আৰু ওড়িশা তথা মহীশূৰৰ ছাৰ্জাৰী মেডিকেল কলেজৰ দুগৰাকী বিভাগীয় মুৰব্বীও আছে। তেওঁলোকে নিজৰ চিকিৎসা মহাবিদ্যালয়ত ই আৰ চি পি শল্য চিকিৎসাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত স্বাগত একাডেমীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি আৰু চুবুৰীয়া দেশৰ জ্যেষ্ঠ শল্য চিকিৎসকসকলেও এনে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here