গুৱাহাটীত ছবিৰ প্ৰচাৰৰ বাবে উপস্থিত বলীউডৰ তাৰকা
W7s news গুৱাহাটী: ৯০ দশকৰ শেষৰ ফালে অসমৰ কলা অধ্যায় গুপ্তহত্যাৰ আধাৰত নিৰ্মিত চলচিত্ৰ 'শ্বেডো এছাচিনছ' ৯ ডিচম্বৰত
ভাৰতৰ তিনি শতাধিক ছবি গৃহত মুক্তি লাভ কৰিব। বুধবাৰে গুৱাহাটীৰ টাউম ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে চলচ্চিত্ৰখনৰ পৰিচালক নীলাঞ্জনা ৰীতা দত্তই । তেওঁ লগতে কয়-৯০ দশকৰ শেষৰ ফালে অসমত সৃষ্টি হোৱা বিভাষিকাময় পৰিবেশত বিধ্বস্ত হৈ পৰা এটা পৰিয়ালৰ কাল্পনিক কাহিনীক মূল বিষয়বস্তু হিচাপে লোৱা হৈছে।চলচিত্ৰখন অসম বাসী ৰাইজে আদৰি লব বুলি আশা কৰিলোঁ ।' সংবাদ মেলত গুৱাহাটীত ছবিৰ প্ৰচাৰৰ বাবে উপস্থিত হোৱা বলীউডৰ তাৰকা ক্ৰমে অনুৰাগ সিনহা, মিষ্টি চক্ৰৱৰ্তী,সৌম্য মুখাৰ্জী, চিংগাৰৰ অভিনেতা, ঘোষক কে পি সান্ধু, সংগীত পৰিচালক আশু চক্ৰৱৰ্তী, অসমৰ অভিনেতা ৰঞ্জীৱ লাল বৰুৱা, বিভূতিভূষণ হাজৰিকা,
মনোজ বৰকটকী, প্ৰযোজক অনিল কুমাৰ গোস্বামী আদি উপস্থিত থাকে।
No comments:
Post a Comment