বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ

 

W7s news



গুৱাহাটী  : ভাৰতীয় বায়ু সেনাৰ শ্বিলংস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী  তথা এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ , এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰে ৫ ডিচেম্বৰত বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনাৰ চাউনি পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত  চাউনিত তেওঁক আদৰণি জনায় বৰঝাৰৰ বায়ু সেনা চাউনিৰ এয়াৰ অফিচাৰ কমাণ্ডিং , এয়াৰ কম'ডৰ অতুল সাগৰে  । আনহাতে পৰিদৰ্শন কালত এয়াৰ মাৰ্শ্বেল ধাৰকৰে বায়ু সেনা চাউনিত থকা বিভিন্ন ইউনিট পৰিদৰ্শন কৰি তাৰ দায়িত্ববাহী বিষয়া - জোৱান আৰু কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে । ইয়াৰ উপৰিও ধাৰকৰে  অভিযানত ব্যৱহাৰ হোৱাকৈ চাউনিত মজুত  কৰি ৰখা বিভিন্ন  শ্ৰেণীৰ বিমান ,  সামগ্ৰী , সা - সঁজুলি আদিৰ বুজ লয় আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হলে তাক মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় । আনহাতে পৰিদৰ্শন উপলক্ষে অনুষ্ঠিত অক্টোবৰ অনুষ্ঠানত  এছ পি ধাৰকৰে উপস্থিত সকলোকে সম্বোধন কৰাৰ লগতে ভাল কাম কৰা সকলক প্ৰশংসা কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here