এইচ ডি এফ চি বেংকে ডিচেম্বৰ ২০২২ত ৰাষ্ট্ৰীয় ‘ৰক্তদান ড্ৰাইভ অনুষ্ঠিত কৰিব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

এইচ ডি এফ চি বেংকে ডিচেম্বৰ ২০২২ত ৰাষ্ট্ৰীয় ‘ৰক্তদান ড্ৰাইভ অনুষ্ঠিত কৰিব



ভাৰতৰ এক  বৃহৎ ৰক্তদান অভিযান- ১১৫০খন চহৰত ৫৫০০ৰো অধিক ৰক্তদান শিবিৰ স্থাপন কৰিব ।


W7s news,,গুৱাহাটী,: এইচ ডি এফ চি বেংক ,  ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংকে, অহা ৯ ডিচেম্বৰ, ২০২২ ত  দেশজোৰা ‘ৰক্তদান ড্ৰাইভ’ অনুষ্ঠিত কৰিব। বাৰ্ষিক ইয়াৰ ১৪ বছৰত, সমগ্ৰ ভাৰতৰ ১১৫০খন চহৰৰ ৫৫০০ৰো অধিক কেন্দ্ৰত ৰক্তদান শিবিৰৰ আয়োজন কৰা হব। ইয়াৰ ভিতৰত বৃহৎ কৰ্পৰেট, কলেজ আৰু বেংকৰ শাখাও অন্তৰ্ভুক্ত।ৰক্তদান কৰিব ইচ্ছাকৰাসকলে তলত দিয়া লিংকত বেংকৰ ৱেবছাইটত প্ৰবেশ  কৰি নিজৰ ওচৰৰ কেন্দ্ৰটো বিচাৰি উলিয়াব পাৰিব।https://leads.hdfcbank.com/applications/webforms/apply/Blood_Donation_Campaign/index.aspx?AspxAutoDetectCookieSupport=1এইবাৰৰ এই অভিযানত ৪.৫ লাখৰো অধিক ৰক্ত দাতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বেংকে এই চহৰসমূহৰ স্থানীয় চিকিৎসালয়, ব্লাড বেংক আৰু, কলেজসমূহৰ সৈতে কাৰিকৰী আৰু কাৰ্য্যকৰী সহায়ৰ বাবে সংযোজিত হৈছে ।সমগ্ৰ দেশৰ ১২০০ৰো অধিক কলেজক ৰক্ত দান কেন্দ্ৰ হিচাপে নিযুক্তি দিয়া হৈছে।‘আমাৰ সৰ্বভাৰতীয় ৰক্তদান অভিযানৰ ১৪ বছৰ – এইবাৰ যিটো পদক্ষেপ আমি কৰি আহিছো ২০০৭ চনৰ পৰা সমৰ্থন কৰি গৌৰৱ অনুভৱ কৰিছো,” এইচ ডি এফ চি বেংকৰ গ্ৰুপ হেড - অপাৰেচন  ভৱেশ জাভেৰীয়ে কয়। “চিকিৎসা সেৱা নিৰ্ভৰ কৰে দাতাৰ পৰা তেজৰ অবিৰত যোগানৰ ওপৰত, কিয়নো চিকিৎসালয়ত প্ৰৱেশ কৰা প্ৰতি সাতজন লোকৰ ভিতৰত এজনক তেজৰ প্ৰয়োজন হয়। Covid আৰু অন্যান্য সাধাৰণ সাৱধানতা মানি চলিলে ৰক্তদান কৰাটো নিৰাপদ বুলি চিকিৎসক সকলে নিশ্চিত কৰিছে। আহক আমি আপোনালোকৰ ওচৰৰ ৰক্তদান শিবিৰত এই শুকুৰবাৰে অৰ্থাৎ ৯ ডিচেম্বৰত ৰক্তদান কৰি আমাৰ চৌপাশৰ জনসাধাৰণৰ জীৱনত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ আমাৰ সৰু পদক্ষেপত ভাগ লও।”এইচডিএফচি বেংক (#Parivartan) সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সৰ্বভাৰতীয় ৰক্তদান অভিযান এই দিশত আমাৰ আন্তৰিক প্ৰচেষ্টা আৰু ইয়াৰ লক্ষ্য হৈছেvৰক্তদানৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাএটা ইউনিট তেজৰ দ্বাৰা ৩ জনৰ জীৱন ৰক্ষা কৰিব পাৰি। ৰক্তদানে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে, আৰু আগন্তুক বছৰবোৰত এই বাৰ্তাক আগুৱাই নিয়াৰ প্ৰয়োজন পৰৱৰ্তী প্ৰজন্মৰ। এই পদক্ষেপক সফল কৰি তোলাৰ বাবে বছৰ বছৰ ধৰি এই পদক্ষেপৰ সৈতে জড়িত সকলো লোককে মোৰ গভীৰ শুভেচ্ছা জনাব বিচাৰিছো।’এই পদক্ষেপক ২০১৩ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ(™ )ৰ দ্বাৰা ‘সৰ্ববৃহৎ (Singel day, একাধিক স্থান) ৰক্তদান ড্ৰাইভ’ হিচাপে স্বীকৃতি আৰু প্ৰমাণিত কৰা হৈছে।২০০৭ চনত মাত্ৰ ৮৮টা কেন্দ্ৰ আৰু ৪০০০ দাতাৰ সৈতে এই পদক্ষেপ আৰম্ভ কৰা হৈছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here