গুৱাহাটীত জিনাত আমন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 December 2022

গুৱাহাটীত জিনাত আমন

 

W7s news গুৱাহাটী



: গুৱাহাটীলৈ প্ৰথমবাৰৰ আহিলে বলিউডৰ প্ৰবীণ অভিনেত্ৰী জিনাত আমন। ৭০-৮০ দশকৰ ছুপাৰ মডেল, মোহময়ী অভিনেত্ৰী জিনাত আমনে গুৱাহাটীলৈ আহি অভিভূত হৈ পৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ সমান্তৰালভাৱে নাটকৰ অভিনয়তো বিশেষ দখল থকা জিনাত আমনে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত ৰংমঞ্চ নাট উৎসৱ ২০২২ ত অংশগ্ৰহণ কৰিলে। প্ৰবীণ অভিনেত্ৰী আমনে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টে আয়োজন কৰা এই নাট্য উৎসৱত 'ডিয়াৰেষ্ট বাপু লাভ কস্তুৰবা' নাটকখনত অভিনয় কৰে। নাটকখনত অভিনয় কৰে। নাটকখনত আৰিফ জাকাৰিয়াই গান্ধীৰ চৰিত্ৰ আৰু জিনাত আমনে কস্তুৰবা চৰিত্ৰত অভিনয় কৰে। নাটকখন চাইফ হাইদৰ হুছেইনে পৰিচালনা কৰে। নাটকৰ অন্তত জিনাত আমনে গুৱাহাটীত নাট পৰিবেশন কৰি আনন্দ লাভ কৰা বুলি কয়। লগতে নাট উপভোগ  গুৱাহাটীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here