কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত সত্ৰীয়া মহোৎসৱ‌ পালন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 December 2022

কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত সত্ৰীয়া মহোৎসৱ‌ পালন*


 *

W7s news,,, গুৱাহাটী: শিক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়ৰ লগতে থলুৱা শিল্প-সংস্কৃতিৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰোৱাই দিয়াৰ স্বাৰ্থত বিভিন্ন অনুষ্ঠান আয়োজন কৰি তেওঁলোকক জড়িত হ'বলৈ সুবিধা প্ৰদান কৰাটো বিদ্যালয় এখনৰ বাবে এৰাব নোৱাৰা দায়িত্ব। কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে নতুন প্ৰজন্মক মহাপুৰুষ দুজনাৰ আদৰ্শ‌ আৰু সাহিত্য-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে বিগত কেইবা বছৰৰে পৰা পালন কৰাৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্যসূচীৰে "সত্ৰীয়া মহোৎসৱ" পালন কৰে। ২০ ডিচেম্বৰ, ২০২২ৰ পৰা পালন কৰা এই উৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাৰ প্ৰাৰ্থনা সভাত‌ বৰগীত পৰিৱেশন কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰি বক্তৃতা প্ৰদান‌‌ কৰে। ২১ ডিচেম্বৰৰ দিনা পুৱাও প্ৰাৰ্থনা সভাতেই মহাপুৰুষ দুজনাৰ 'আদৰ্শ আৰু সৃষ্টিৰাজি' শীৰ্ষক বক্তৃতা প্ৰদান‌ কৰি ছাত্ৰ-ছাত্ৰীসকলে বৰগীত পৰিৱেশন কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰস্তুত কৰা 'কথামৃত' নামৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে, বিদ্যালয়ৰ অধ্যক্ষা  জোনালী দাসে। অনুৰূপ ধৰণে ২২ ডিচেম্বৰত বৰগীত পৰিৱেশনৰ আৰু বক্তৃতা প্ৰদানৰ উপৰি মহাপুৰুষ জনাৰ কমৰ সৃষ্টি ভাওনা আৰু ভাওনাত ব্যৱহৃত মুখা শিল্পৰ সম্যক ধাৰণা দিবলৈ মুখা ভাওনা আৰ্হি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। সামৰণিৰ দিনটোত অৰ্থাৎ ২৩ ডিচেম্বৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানত দিহা নাম পৰিৱেশন, সত্ৰীয়া নৃত্য, কৃষ্ণ নৃত্য পৰিৱেশন আৰু আমন্ত্ৰিত বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক, নৃত্য শিৰোমণি বঁটা প্ৰাপক গোবিন্দ শইকীয়া, বিশিষ্ট অতিথি তথা সাংস্কৃতিক সংগঠক ড° দীপেন দাস আৰু ছাত্ৰ-ছাত্ৰীৰ সমন্বিত প্ৰচেষ্টাত 'সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰত্যাহ্বান' শীৰ্ষক আলোচনা চত্ৰ অনুষ্ঠিত হয়। আলোচনা চত্ৰৰ অন্তত শলাগৰ শৰাই আৰু ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here