কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত চকৰদৌত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 December 2022

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত চকৰদৌত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস উদযাপন

 



W7s news গুৱাহাটী : ৰাষ্ট্ৰীয় গ্ৰাহক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে দিপৰ বিলৰ সমীপৰ  চকৰদৌ দেশভক্ত তৰুণৰাম  ফুকন এম ই  স্কুলত এখন সজাগতা সভা  আয়োজন কৰা হয়। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু দিপৰ বিল সুৰক্ষা মঞ্চ তথা সেউজ অসমৰ সহযোগত অনুষ্ঠিত এই সজাগতা সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাবক আৰু স্থানীয় লোক উপস্থিত থাকে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব , অধিবক্তা অজয় হাজৰিকাই সজাগতা সভাত গ্ৰাহক সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ বিষয়ে বহলাই বাখ্যা আগবঢ়াই সমাজৰ সকলো স্তৰৰ গ্ৰাহকক এই আইনে প্ৰদান কৰা অধিকাৰ সমূহ সন্দৰ্ভত সজাগ আৰু সচেতন হবলৈ  আহ্বান জনায়। গ্ৰাহক সুৰক্ষা আইনে প্ৰতিজন গ্ৰাহকক কি কি ধৰণৰ অধিকাৰ আৰু সুৰক্ষা প্ৰদান কৰিছে, এই আইনৰ অধীনত এজন বঞ্চিত গ্ৰাহকে কি ধৰনে আইনী সহায় লাভ কৰিব পাৰে আদি বিষয় অধিবক্তা হাজৰিকাই বিস্তৃত ভাবে উল্লেখ কৰে। সজাগতা সভাত চিকিৎসাজনিত গাফিলতি আৰু এইক্ষেত্ৰত এজন বঞ্চিত গ্ৰাহকে কি  ধৰণৰ আইনী সাহাৰ্য লাভ কৰিব পাৰে সেই বিষয়েও অধিবক্তা হাজৰিকাই বাখ্যা কৰে। সভাত চকৰদৌ  দেশভক্ত তৰুণ ৰাম  ফুকন এমই  স্কুলৰ প্ৰধান শিক্ষক বিমল মেধি,  দিপৰ বিল সুৰক্ষা মঞ্চৰ উপদেষ্টা সনেশ টেৰণ,  সভাপতি হেনৰি ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা,সেউজ অসমৰ সম্পাদক দীপাঞ্জলি ডেকা, যুৱ সমাজকর্মী বিৰাজ কলিতা (পৱন), অজয় ৰাভা, মহিলা সমাজসেবিকা মনিষা কলিতাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহু বিশিষ্ট লোক  উপস্থিত থাকে। সেউজ অসমৰ সদস্য, সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনৰ  পিছতে ফৰামৰ আইনী বিশেষজ্ঞ সকলে স্থানীয় বঞ্চিত গ্ৰাহক সকলক বিনামূলীয়া আইনী সাহাৰ্য্য প্ৰদান কৰে। উল্লেখ যে, গ্ৰাহকৰ অধিকাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰৰ  দিনটোতে আমাৰ দেশৰ সংসদত প্ৰথম বাৰৰ কাৰণে 'গ্ৰাহক সুৰক্ষা আইন' গৃহীত হৈছিলে। তেতিয়াৰে পৰা সমগ্র দেশতে এই ঐতিহাসিক দিনটোক ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here