W7s news,,গুৱাহাটী: ৰেভা বিশ্ববিদ্যালয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তন আৰু লিংগ সমতাৰ দৰে জ্বলন্ত বিষয়সমূহৰ ওপৰত নৃত্যৰ জৰিয়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোহৰ পঞ্চৱকত্ৰম নামেৰে এলানি অনুষ্ঠান প্ৰদৰ্শন কৰে।ৰেভা বিশ্ববিদ্যালয়ৰ মাননীয় অধ্যক্ষ ড° পি শ্যামা ৰাজুৱে এই অনুষ্ঠানৰ সভাপতিত্ব কৰে। উপস্থিত থাকি শোভা বৰ্ধন কৰা ব্যক্তি সকলৰ মাজত সন্মানীয় হিৰণ চন্দ্ৰ নাথ (আৰক্ষীৰ এডিজি, বিশেষ শাখা, ভাৰত চৰকাৰ),ড° ৰীতা চৌধুৰী (ভাৰতীয় কবি, ঔপন্যাসিকা আৰু সাহিত্য অকাডেমীৰ বঁটা বিজয়ীনী, নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালিকা প্ৰধান ), ড° প্ৰসন্ন গগৈ (সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সঞ্চালক, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ (এন ই জে চি চি), ডিমাপুৰ, নাগালেণ্ড), ৰামকৃষ্ণ তালুকদাৰ (সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, শাত্ৰীয় নৃত্য প্ৰদৰ্শক) বিপুল চন্দ্ৰ দাস ( বিষ্ণু ৰাভা বঁটা আৰু সুৰেন্দ্ৰ সোঁৱৰণী বঁটা প্ৰাপক কথক নৃত্যৰ বিশিষ্ট প্ৰতিনিধি),ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ভগ্নী বিশিষ্টা কণ্ঠশিল্পী মনীষা হাজৰিকা অন্যতম।প্ৰাকৃতিক সম্পদৰ অপচয় হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে আৰু পুৰুষ-মহিলাক ইজনে সিজনৰ বাবে য়িন আৰু ইয়াঙৰ দৰে সমান বুলি গণ্য গণ্য কৰি আমি চাব বিচৰা ধৰণৰ এখন পৃথিৱী সৃষ্টি কৰাৰ উদ্দেশ্যে আগত ৰাখি, এই সাংস্কৃতিক গোষ্ঠীয়ে পঞ্চ তত্ব ক্ৰমে ভূমি, জল,অগ্নি, বায়ু আৰু আকাশক সমন্বয়ৰে ঐকতানৰ সৃষ্টি কৰাৰ উদাহৰণ থকা মধ্যযুগীয় সংগ্ৰামৰ বিৰল কাহিনী সমূহ আগবঢ়াই আনিছে। এই উপাদান সমূহেই শিৱৰ পাঁচটা ৰূপ ক্ৰমে সদ্যোজত, বামদেৱ, অঘোৰা, তৎপুৰুষ আৰু ঈশানৰ প্ৰকাশ। এই সকলো ৰূপ নৃত্য ৰূপত প্ৰতিষ্ঠাপন কৰা হৈছিল।মোহিনীঅট্টম নৃত্য শৈলীৰ জৰিয়তে পৃথিৱী সৃষ্টিৰ ধাৰণা ও পাৰ্বতীৰ সহায়ত সদ্যোজাতাৰ ভূমি বুৎপত্তিৰ কাহিনী ৰূপায়িত কৰা হৈছিল।অন্যহাতে ওডিচি নৃত্যৰ শিল্পীসকলে তেওঁলোকৰ ব্যক্তিগতকৃত বামদেৱৰ আৰু গংগাৰ অস্তিত্বৰ সংস্কৰণৰ দ্বাৰা দ্বিতীয় উপাদান জলক মনোজ্ঞ ৰূপত প্ৰদৰ্শন কৰে। শিৱৰ এক অংশ, পোহৰৰ প্ৰতিমূৰ্তি অগ্নিজাৰ পৰিত্যাগ পিছত কেনেকৈ তেওঁৰ গুৰুত্ব উপলদ্ধি কৰিলে সেই সমগ্ৰ কাহানীক ভগৱান শিৱৰ অঘৰী ৰূপটো চিত্ৰিত কৰিবলৈ অগ্নি উপাদানৰ ভাও লোৱা ভাৰতনাট্যম নৃত্যৰ পৰিবেশক সকলে খুব সুন্দৰকৈ উপস্থাপন কৰে। কুচিপুড়ি নৃত্য শৈলীৰ জৰিয়তে তৎপুৰুষৰ দ্বাৰা ৰূপায়িত বায়ু তত্বৰ অপৰিহাৰ্য্যতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ অবিহনে অন্য উপাদান সমূহ অস্তিত্বহীন। আৰু শেষত শিৱৰ পঞ্চম ৰূপ ঈশানৰ বৰ্ণনাৰে নাটকৰ শিখৰত উপনীত হয়। বিশ্বব্ৰহ্মাণ্ডত প্ৰতিধ্বনিত হোৱা ওম শব্দৰ প্ৰথমে শিৱৰ দামাৰুৰ পৰাই নিৰ্গত হৈছিল আৰু ভাৰতীয় পৌৰাণিক কাহিনীৰ এই মূল তথ্যটো কথক নৃত্যশিল্পীসকলে উপস্থাপন কৰিছিল
Post Top Ad
Responsive Ads Here
Tuesday, 20 December 2022
প্ৰসিদ্ধ ৰেভা বিশ্ববিদ্যালয়ৰ পঞ্চৱকত্ৰম - পঞ্চ মৌল শিৱৰ পাঁচটা ৰূপৰ প্ৰদৰ্শন।
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment