W7s news,,গুৱাহাটী: সমাগত খ্ৰীষ্টমাছ। মহানগৰবাসীক উৎসৱৰ আনন্দ নিবলৈ পাঁচগৰাকী যুব উদ্যমী তথা সমাজসেৱী মহিলাই অহা ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়াকৈ গুৱাহাটী পল্টন বজাৰৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে 'খ্ৰীষ্টমাছ কটেজ কার্নিভাল' শীর্ষক অনুষ্ঠান। পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ পল্টন বজাৰৰ আশী অপ্সৰাত এই বর্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে। বিশাল 'খ্ৰীষ্টমাছ কটেজ কার্নিভেল'ৰ আয়োজন কৰা সকলৰ ভিতৰত আছে ফেশন ডিজাইনাৰ বীণা জৈন, এভেণ্ট প্লেনাৰ শিখা জালান, এক্সিভিচন অর্গনাইজাৰ নিশা জৈন, ফোনেটিক এস্পার্ট ৰজনী জৈন আৰু হোম মেকাৰ গুঞ্জন সস্থালিয়া। তেওঁলোকে কয় যে কৰ্কট ৰোগত আক্ৰান্ত শিশু, অনাথ আশ্রম, পশুখাদ্য আৰু অসহায় লোকসকলক সহায় কৰাৰ বাবে এই কার্নিভেলৰ আয়োজন কৰা হৈছে। এই মহান কামৰ বাবে বহু লোক সহায়ৰ বাবে আগবাঢ়ি আহিছে। উক্ত অনুষ্ঠানত গেম ষ্টল, ফুড ষ্টলৰ লগতে লাইফ ষ্টাইল হাট বজাৰৰ আয়োজন কৰা হৈছে। একেদৰে খ্ৰীষ্টমাছ কটেজত সকলো বয়সৰ শিশুৰ বাবে দোলনা আৰু চালনাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে শীতকালীন শিবিৰৰ দৰে এটা চালৰ তলত শিশুৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন প্রতিযোগিতা যেনে ড্রয়িং, মাণ্ডালা আর্ট, নুক্কাদ নাটক, ফেন্সি ড্রেছ, ফেশ্বন শ্ব', টেলেন্ট হান্ট, পেট শ্ব'ৰ আয়োজন কৰা হৈছে। আমি লক্ষ্য কৰিছো যে কোভিড ১৯ মহামাৰীৰ পিছত শিশুসকল বেছিকৈ মোবাইলৰ প্ৰতি আকৃষ্ট হৈছে। গতিকে এই কার্নিভালৰ জৰিয়তে তেওঁলোকক মোবাইলৰ পৰা কিছু আঁতৰাই আনি কিছু মানসিক আৰু শাৰীৰিক কার্যকলাপত ব্যস্ত ৰখাৰ প্ৰয়াস কৰা হৈছে। একেদৰে নতুন প্ৰজন্মৰ বাবে পৰম্পৰাগত কিছুমান বহিঃক্ৰীড়াৰ আয়োজন কৰা হৈছে। সেয়ে ২৪ আৰু ২৫ ডিচেম্বৰৰ এই দুদিনীয়া খ্ৰীষ্টমাছ কটেজ কার্নিভেলত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰিবলৈ সকলোকে আহ্বান জনায় উদ্যোক্তাই ।
Post Top Ad
Responsive Ads Here
Tuesday, 20 December 2022

Home
Unlabelled
২৪ আৰু ২৫ ডিচেম্বৰত আশী অপ্সৰাত ‘খ্ৰীষ্টমাছ কটেজ কার্নিভেল'
২৪ আৰু ২৫ ডিচেম্বৰত আশী অপ্সৰাত ‘খ্ৰীষ্টমাছ কটেজ কার্নিভেল'
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment