ৰাজনীতি- পাৰ্ট ১'ৰ গীত 'সেউজীয়া মৰম' মুকলি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 December 2022

ৰাজনীতি- পাৰ্ট ১'ৰ গীত 'সেউজীয়া মৰম' মুকলি*






W7s news,,,গুৱাহাটী,* নেক্সষ্টৰ ষ্টুডিঅ'জ প্ৰযোজিত বহু তাৰকাবিশিষ্ট অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট ১'ৰ 'সেউজীয়া মৰম' শীৰ্ষক গীতটো আজি গুৱাহাটীৰ চিক্‌মিক্ ষ্টুডিঅ'ত মুকলি কৰা হয়। ছবিখনৰ প্ৰযোজকদ্বয় বিকাশ সাহা আৰু অসীম নাথ আৰু পৰিচালক মনোজিৎ শৰ্মাৰ উপস্থিতিত জুবিন গাৰ্গে গীতটো মুকলি কৰে। গীতটিৰ ৰচনা আৰু সুৰ তৰালি শৰ্মাৰ। সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোহাঞিৰ। ৰিপুঞ্জয় শৰ্মাই বাণীবন্ধন কৰা গীতটিত কণ্ঠদান কৰিছে তৰালি শৰ্মা আৰু ৰাকেশ ৰিয়ানে। ড্ৰীম্‌ছ ষ্টুডিঅ'ত গীতটিৰ মিক্সিং এণ্ড মাষ্টাৰিং কৰিছে জিণ্টু বৰদলৈয়ে। উল্লেখযোগ্য যে অহা ২৩ ডিচেম্বৰত ৰাজ্যৰ সমূহ চিত্ৰগৃহতে মনোজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত 'ৰাজনীতি- পাৰ্ট ১' মুক্তি লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here