ইক' ফাইনান্সৰ (অমশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড) “মেগা লোণ মেলা” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 December 2022

ইক' ফাইনান্সৰ (অমশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড) “মেগা লোণ মেলা”

 


W7s news ষ্টাফৰিপোৰ্টাৰঃ নিবনুৱা যুৱক-যুৱতী আৰু কৃষকৰ বাবে সুখবৰ। ক'ভিড মহামাৰীয়ে সংস্থাপনৰ দিশত বহুখিনি ঋণাত্মক প্ৰভাৱ পেলোৱাৰ ফলস্বৰূপে এতিয়াও যিসকল যুৱক-যুৱতীয়ে সংস্থাপনৰ সন্ধানত আছে তেওঁলোকৰ বাবে ইক' ফাইনেন্সে ঘোষণা কৰিলে “মেগা লোণ মেলা”। ক’ভিডৰ পাছত প্ৰথমবাৰৰ বাবে যিসকল যুৱক-যুৱতী আৰু কৃষকে ইলেক্ট্রিক থ্রি-হুইলাৰ আৰু এগ্রিকালচাৰ মেচিনাৰী কিনিবলৈ চিন্তা কৰিছে, তেওঁলোকৰ নিমিত্তে অনুষ্ঠিত কৰা হয় “মেগা লোণ মেলা”। এই লোণ মেলাৰ সময়ছোৱাত, ইক' ফাইনান্সে (অমশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড) কে বাই চি নথি-পত্ৰত স্পর্ট ফাইনান্স আগবঢ়াব। একে সময়তে, যদি ঋণকাৰীয়ে তিনি মাহৰ ভিতৰতে ঋণৰ ধন ঘূৰাই দিয়ে, তেন্তে তেওঁলোকৰ পৰা কোনো সুত লোৱা নহ'ব। বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন  সংবাদমেলত মেগা লোণ মেলা বিষয়ে  ঘোষণা কৰি ইক' ফাইনান্স (অমৰশক্তি কমার্চ এণ্ড ইণ্ডাষ্ট্রীজ লিমিটেড)-ৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় যে আগন্তক ৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ এই ঋণ মেলাৰ সুবিধা ইক' ফাইনান্সৰ গুৱাহাটী, ৰঙিয়া, নলবাৰী, গোৱালপাৰা, বৰপেটা, ধুবুৰী, মঙলদৈ, তেজপুৰ, বিশ্বনাথ চাৰিালি আৰু যোৰহাট শাখাত উপলব্ধ হ'ব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here