W7s news,,,গুৱাহাটী: মহাৰাষ্ট্ৰৰ মহাধিবক্তাৰূপে নিযুক্তি লাভ সুযোগ্য অসম সন্তান বীৰেন্দ্ৰ ছৰাফৰ।সদ্য পদত্যাগী মহাধিবক্তা আশুতোষ কুম্ভাকোনীৰ স্থানত বীৰেন্দ্ৰ ছৰাফক নিযুক্তি ৰাজ্যপাল জগত সিং কোছিয়াৰীৰ।উল্লেখ্য যে, বীৰেন্দ্ৰ ছৰাফ হৈছে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ প্ৰয়াত ড০ বিপি ছৰাফৰ কনিষ্ঠ পুত্ৰ আৰু জ্যেষ্ঠ অধিবক্তা ড০ অশোক ছৰাফৰ কনিষ্ঠ ভাতৃ।গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল বীৰেন্দ্ৰ ছৰাফে।তাৰ পিছতে তেওঁ মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পৰৱৰ্তী সময়ত জুডিচিয়েল ইণ্টাৰভেনছন ইন আৰবিট্ৰেছন ইন ইণ্ডিয়া’ শীর্ষক বিষয়ত পিএইচ ডি লাভ কৰিছিল।২০২০ চনৰ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তাৰ মৰ্যাদা লাভ কৰা ছৰাফে বিগত ২৫ বছৰ ধৰি বোম্বে উচ্চ ন্যায়ালয়ত ওকালতি কৰি আহিছে।বোম্বে উকীল সন্থাৰ সম্পাদক ৰূপে তেওঁ ছবছৰকাল কাৰ্যনিৰ্বাহ কৰাৰ লগতে সম্প্ৰতি সন্থাৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে।ইফালে মহাৰাষ্ট্ৰৰ পূৰ্বৰ মহাধিবক্তা আশুতোষ কুম্ভাকোনীয়ে পদত্যাগ কৰাৰ পিছতে মঙলবাৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে বীৰেন্দ্ৰ ছৰাফক পৰৱৰ্তী মহাধিবক্তা ৰূপে নিযুক্তিৰ বাবে অনুমোদন জনাইছিল।তাৰ পিছতে অসম সন্তানগৰাকীক মহাৰাষ্ট্ৰৰ মহাধিবক্তাৰূপে নিযুক্তি প্ৰদান কৰে ৰাজ্যপালে।
Post Top Ad
Responsive Ads Here
Saturday 17 December 2022

ভাল খবৰ! মহাৰাষ্ট্ৰৰ মহাধিবক্তাৰূপে নিযুক্তি অসম সন্তান বীৰেন্দ্ৰ ছৰাফক
Tags
# গুৱাহাটী
Share This
About W7S News
গুৱাহাটী
Labels:
গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment