W7s news,,,গুৱাহাটী, : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত আজি তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড মুকলি কৰা হয়। নতুনকৈ মুকলি কৰা ৰয়েল এনফিল্ডৰ ৰংসমূহ বিশেষকৈ প্লেচিয়াৰ ব্লু, ডিউন ব্রাউন আৰু শীট ব্লেক। ৪ এচেছ এনফিল্ড ৰিটেইল প্রাইভেট লিমিটেডৰ সঞ্চালক, যুব উদ্যোগী চিৰাগ গুপ্তাই কয় যে তিনিওটা নতুন ৰঙৰ এনফিল্ড শ্ব'ৰুমৰ এডমিন অপাৰেচন প্রীতম নাথে অনাররণ করে। অনুষ্ঠানটোত ভাষণ দি অভিজিত দাসে কয় যে হিমালয়ানত গ্ৰীল আৰু ছাইড পেনেলত এটা নতুন ডিবছড় লেগ' আৰু এটা ইউ এছ বি চাৰজিং পোর্ট মানক হিচাপে থাকিব। তেওঁ কয় যে এই ৰংবোৰ হিমালয় অঞ্চলত দেখিবলৈ পোৱা যায় আৰু তাৰ পৰাই অনুপ্ৰাণিত হৈ নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে। বিশেষকৈ মেচিয়াৰ ব্লু ৰং হিমালয়ৰ হিমশীতল হিমবাহৰ দ্বাৰা অনুপ্ৰাণিত, আনহাতে ডিউন ব্রাউন লাডাখৰ নুব্রা উপত্যকাৰ টিলাবোৰৰ ৰঙৰ সৈতে সাদৃশ্য আছে। এই তিনিটা নতুন ৰং বৰ্তমানৰ পাইন গ্ৰীন, গ্ৰেনাইট ব্লেক আৰু গ্রেভেল গ্ৰে ৰঙত প্ৰৱৰ্তন কৰা হৈছে, যিবোৰ ৰয়েল এনফিল্ড হিমালয়ত উপলব্ধ। ডিউন ব্ৰাউন হিমালয়ৰ মূল্য ২.২২ লাখ টকা। আনহাতে, মেচিয়াৰ ব্লু আৰু শীট ব্লেকৰ মূল্য ২.২৩ লাখ টকা। হিমালয়ান এই ৰঙৰ মডেলসমূহ এক্স শ্ব'ৰুমত ২.১৬ লাখ টকাত উপলব্ধ হ'ব। লগতে নতুন ৰং প্ৰৱৰ্তনৰ সৈতে ৰয়েল এনফিল্ডে হিমালয়ত গ্রেভেল গ্ৰে, ৰকাৰ ৰেড আৰু লেক ব্লু ৰং বন্ধ কৰিছে। গুপ্তাই সকলোকে আহি গুৱাহাটীৰ জু- ৰোড ডাকঘৰৰ কাষৰ আয়-জয় টাৱাৰত থকা অত্যাধুনিক শ্ব'ৰুমৰ অভিজ্ঞতা ল'বলৈ আমন্ত্ৰণ জনায়। তেওঁ লগতে কয় যে আমাৰ ৱৰ্কশপ ভাস্কৰ নগৰৰ বাইলেন নং-২ত অৱস্থিত। বিশেষজ্ঞসকল ক্রমান্বয়ে পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজাৰলৈ আৰু ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শ্ব'ৰুম আৰু বৰ্কাপাত বিশেষজ্ঞসকল উপলব্ধ হৈ থাকিব। তেওঁ আৰু কয় যে আমি বিক্ৰী সেৱাৰ পিছত গুৰুত্ব দি আছো। আমাৰ মূল মন্ত্ৰ হৈছে আমাৰ সন্মানীয় গ্ৰাহকসকলক সৰ্বশ্ৰেষ্ঠ সেৱা প্ৰদান কৰা। অধিক জানিবলৈ ৭০৯৯০-২৮৪৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব ।
Post Top Ad
Responsive Ads Here
Thursday, 8 December 2022

জু-ৰোডৰ ৪ এচেছ শ্ব'ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি
Tags
# গুৱাহাটী-ব্যবসায়-বাণিজ্য
Share This
About W7S News
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Labels:
গুৱাহাটী-ব্যবসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment