W7s news গুৱাহাটী: গুৱাহাটীত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি চৌহদত অহা ২০২৩ বৰ্ষৰ ৪ আৰু ৫ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হব ষ্টে ফিট লাইভ পিউৰ ফিটনেছ একাডেমীৰ ষষ্ঠ সংখ্যক "ফিটনেছ অন গ্ল'ৱ ২০২৩" প্ৰতিযোগিতা । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ষ্টে ফিট লাইভ পিউৰ ফিটনেছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে একাডেমীৰ প্ৰতিষ্ঠাপক আৰু বিশেষজ্ঞ পুলক বিশ্বাসে। তেওঁ লগতে কয়- এই প্ৰতিযোগিতাত ১০ বছৰ বয়সৰ পৰা ৮০ বছৰ বয়সৰ লোকৰ বাবে মুকলি থাকিব। ষ্টে ফিট লাইভ পিউৰ ফিটনেছ একাডেমীৰ উদ্যোগত আৰু ষ্টে ফিট লাইভ পিউৰ ফাউণ্ডেচনৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অনলাইন আৰু অফলাইনযোগে আগ্ৰহী সকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে মাচুল ধার্য কৰা হৈছে।' সংবাদ মেলত একাডেমীৰ পৰিচালনা আৰু প্ৰশিক্ষণ মূৰব্বী বৰ্ণালী গগৈ দাস, দলৰ সদস্য পংকজ দত্ত, গোপাল সিনহা, কান্তিময় পৰাশৰ প্ৰমুখ্যে কেবাগৰাকী বিষয় ববীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ২০১৫ চনৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে । কিন্ত ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত কভিডৰ বাবে বিগত দুটা বছৰ ধৰি এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱা নাছিল বুলি কৰ্মকর্তা সকলে জানিবলৈ দিছে ।
No comments:
Post a Comment