স্বাগত হাস্পতালছৰে বুজাবুজিৰ চুক্তি আছাম হেল্‌থ কেয়াৰ ছ'চাইটিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 November 2022

স্বাগত হাস্পতালছৰে বুজাবুজিৰ চুক্তি আছাম হেল্‌থ কেয়াৰ ছ'চাইটিৰ



**


W7s news *গুৱাহাটী, হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ সদস্যসকলক ৰেহাই মূল্যত চিকিৎসা, অস্ত্ৰোপচাৰ আৰু ৰোগ নিৰ্ধাৰণৰ সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে অলপতে গুৱাহাটীৰ আছাম হেল্‌থ কেয়াৰ ছ'চাইটি লিমিটেড আৰু মালিগাঁৱৰ স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট (এছ এছ এছ এছ আই)ৰ মাজত এক বুজাবুজিৰ চুক্তি সম্পাদন হয়। আছাম হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি হৈছে লাভৰ উদ্দেশ্য নথকা এটা নাগৰিককেন্দ্ৰিক সংস্থা। ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই সংস্থাটোৰ অধীনত প্ৰায় দহ হেজাৰ সদস্য আছে। সংস্থাটোৱে বিভিন্ন আঁচনি, শিবিৰ আদিৰ জৰিয়তে তেওঁলোকৰ সদস্যসকলক ব্যয়সাধ্য চিকিৎসা সেৱাৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে তেওঁলোকে সদস্যসকলক সময়ে সময়ে বিভিন্ন স্বাস্থ্যজনিত বিষয়ৰ প্ৰতিও সজাগ কৰি আহিছে। এই সহযোগিতাৰ চুক্তি অনুসৰি আছাম হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ সদস্যসকলে সদস্যৰ কাৰ্ড প্ৰদৰ্শন কৰিলে হাস্পতালৰ বৰ্তমানৰ নিৰিখৰ ক্ষেত্ৰত ন্যূনতম ১৫ শতাংশ ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰেহাই প্ৰযোজ্য হ'ব পেথ'লজী লেব'ৰেটৰী, ৰেডিঅ'লজি, ইলেক্টিভ ছাৰ্জাৰী (ইনপ্লাণ্ট, ঔষধ আৰু খাদ্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়) আৰু ৰোগীৰ চিকিৎসাৰ বিল (ঔষধ আৰু খাদ্যত প্ৰযোজ্য নহয়)। তদুপৰি সদস্যসকলক স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ তৰফৰ পৰা অতিৰিক্ত আদৰণি আৰু কেয়াৰ পেকেজৰ সুবিধা আগবঢ়োৱা হ'ব। চিকিৎসা প্ৰতিষ্ঠানখনে সদস্যসকলক অতি সহজ ভাষাত চিকিৎসাৰ সকলো তথ্য অৱগত কৰিব। লগতে দ্বিতীয় মতামত আৰু ৰেফাৰেলৰ ক্ষেত্ৰতো তেওঁলোকক পৰামৰ্শ আগবঢ়োৱা হ'ব। এই চুক্তিৰ জৰিয়তে চিকিৎসা প্ৰতিষ্ঠানখনে ৰোগীৰ যত্নৰ ক্ষেত্ৰত উন্নত মান বজাই ৰখাৰ প্ৰয়াসৰ কথা উল্লেখ কৰিছে। ইয়াৰ লগতে স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালছে আছাম হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেডক স্বাস্থ্য শিবিৰ পৰিচালনা, প্ৰশিক্ষণ আৰু যুটীয়া সহযোগিতাৰ ভিত্তিত কৰা কামৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব। স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ অধ্যক্ষ তথা চি এম ডি ডাঃ সুভাষ খান্না, এফ আৰ চি এছ (এডিনবাৰ্গ) আৰু আছাম হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ চি ই অ' ডঃ সুজিত বৰ্ধনে (পি এইচ ডি) আশা প্ৰকাশ কৰে যে এটা নাগৰিককেন্দ্ৰিক সংস্থা আৰু ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ মাজত সম্পাদিত এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰোগীসকলৰ চিকিৎসাৰ যত্নৰ মান বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ বাবে অতিৰিক্ত ব্যয় ৰোধ কৰাটো সহায়ক হ'ব। ৰাজ্যখনৰ স্বাস্থ্য সেৱা খণ্ডত এনে চুক্তিয়ে এক যোগাত্মক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। ডাঃ খান্না আৰু ডঃ বৰ্ধনে আশা ব্যক্ত কৰে যে আছাম হেল্‌থ কেয়াৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেড আৰু স্বাগত ছুপাৰস্পেচিয়েলিটিৰ সহযোগিতাৰ জৰিয়তে জনসাধাৰণ আগবাঢ়ি আহি ইয়াৰ অংশীদাৰী হৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here