এক্স শ্ব'ৰুমত ৭৭.৫০ লাখত উপলব্ধ চেৰ'কি
W7s news গুৱাহাটী : জীপ ব্ৰেণ্ডে ৩০ বছৰ আগতে এছইউভি অল-নিউ গ্রেণ্ড চেৰ'কি মুকলি কৰি খলকনিৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই গ্ৰাহকৰ পৰা বিশেষ সমাদৰ লাভ কৰি আহিছে, কিয়নো গ্রেও চেৰ'কিৰ ডিজাইন আৰু মানদণ্ডৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাই। আজি পাঁচটা প্ৰজন্মই এই গ্ৰেণ্ড চেৰ'কিৰ জনপ্ৰিয়তাৰ ধাৰা বজাই ৰাখিছে। গুৱাহাটীৰ আৰু জি ৰোডৰ সুন্দৰপুৰ বাছ ষ্টপৰ বিপৰীত দিশত থকা মহেশ মটৰ্ছ প্রাইভেট লিমিটেডত আন্তর্জাতিক কথক নৃত্যশিল্পী আৰু
অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে মুকলি কৰে নতুন গ্ৰেণ্ড চেৰ'কি। উক্ত অনুষ্ঠানত মহেশ মটৰ্ছ প্রাইভেট লিমিটেডৰ সঞ্চালক মোহিত আগৰৱাল, যমন আগৰৱাল, চাহিল আগৰবাল, ধ্ৰুৱ আগৰৱালৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত প্ৰখ্যাত অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে কয় যে অল-নিউ গ্রেও চেৰ'কিৰ সকলো শেহতীয়া বৈশিষ্ট্যৰ লগতে ঠাইলিছ লুক আছে। মই যথেষ্ট আত্মবিশ্বাসী যে অসমৰ মানুহে এই নতুন প্রেও চেৰ'কি ক্ৰয় কৰিব। অনুষ্ঠানটোত বক্তব্য ৰাখি সঞ্চালক মোহিত আগৰৱালে কয় যে অল নিউ গ্ৰেণ্ড চেৰ'কি নতুন প্রযুক্তিৰে সংযোজন ঘটাই নিৰ্মান কৰা হৈছে। নতুন জীপ এছ ইউ ভি খনত ৩৩ টা সংযোজিত সুবিধা উপলব্ধ হোৱাৰ লগতে প্ৰথমটো শাখাত ১০.২৫ ইঞ্চি যাত্ৰীষ্ট্ৰীণত প্ৰামাণিক জীপ ডিএনএ, কোৱাড়া ট্রেক ৪ x ৪ প্ৰণালী আৰু চেলেক-টেৰেইনৰ সৈতে অতুলনীয় ভাৱে পথ আৰু অফ-ৰোড ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত আছে সক্রিয় ড্রাইভিং সহায় প্রণালী, ৮ টা এয়াৰবেগ, ৩৬০ ডিগ্ৰী চাৰাউণ্ড ভিউ, নিদ্রাহীন চালক চিনাক্তকৰণ, ৩ পইণ্ট চিটবেল্ট আৰু ৫ জন যাত্ৰীৰ বাবে আহল-বহল আসন, ২ এল টার্বো পেট্রল ইঞ্জিনৰ দ্বাৰা চালিত আৰু ৮ স্পীড স্বয়ংক্রিয় ট্ৰেন্সমিছনে ২৭২ এইচপি আৰু ৪০০ এনএম টর্ক প্ৰদান কৰে। নতুন গ্ৰেণ্ড চেৰ'কিয়ে নতুন ভার্চুৱেল বল-জয়েন্ট ফ্রণ্ট আৰু মাল্টি লিংক ৰিয়াৰ চাচপেনশ্বনৰ বাবে উৎকৃষ্ট যাত্ৰা আৰু সঞ্চালন কৰিব। ভাৰতত অল নিউ গ্ৰেণ্ড চেৰ'কি বিশেষকৈ ৰকি মাউণ্টেইন, ডায়মণ্ড ব্লেক ক্রিষ্টাল, ভেলভেট ৰেড আৰু ব্ৰাইট হোৱাইট এই ৪ টা বিভিন্ন ৰঙত উপলদ্ধ হৈছে। এক্স শ্ব'ৰুমত ইয়াৰ মূল্য ৭৭.৫০ লাখ। অল-নিউ জীপ গ্ৰেণ্ড চেৰ'কি জীপ ডিলাৰশ্বিপ মহেশ মটৰ্ছ প্রাইভেট লিমিটেড গুৱাহাটীত উপলব্ধ।
No comments:
Post a Comment